বহু অসামাজিক কামৰ লগত জড়িতৰ অভিযোগ থকা মাণিক বৰ্মনক বঙাইগাঁও সদৰ থানাত আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷
বহু অসামাজিক কামৰ লগত জড়িতৰ অভিযোগ থকা মাণিক বৰ্মনক বঙাইগাঁও সদৰ থানাত আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷
বঙাইগাঁৱত সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দালালৰ৷ News18 অসমৰ সাংবাদিক উপানন্দ শৰ্মাক ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি দালালৰ। বঙাইগাঁও সদৰৰ জ্যেষ্ঠ সাংবাদিক উপানন্দ শৰ্মাক আধাৰ কেন্দ্ৰ নামত সংঘটিত দুৰ্নীতিৰ বাতৰি পৰিৱেশৰ বাবে ভাবুকি প্ৰদান কৰে৷ সাংবাদিকক হত্যাৰ ভাবুকি প্ৰদান কৰা মাণিক বৰ্মনক আৰক্ষীয়ে অভিযান চলাই সিদলসতীস্থিত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
বহু অসামাজিক কামৰ লগত জড়িতৰ অভিযোগ থকা মাণিক বৰ্মনক বঙাইগাঁও সদৰ থানাত আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷ বঙাইগাঁও প্ৰেছ ক্লাব আৰু জাফাৰ তৰফৰ পৰা ঘটনাৰ গৰিহণা দি দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|