দেওবাৰে সম্পূৰ্ণ ৰাজ্যিক মৰ্য্যদাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ল তৰণীকান্ত বৰ্মনৰ। ১৯৪২ চনত নলবাৰী জিলাৰ গোৱৰাদলত জন্ম হোৱা তৰণী বৰ্মনে ৬০ দশকৰ পৰাই বৰদলৈ ট্ৰফীৰ যোগেদি ফটোগ্ৰাফী আৰম্ভ কৰিছিল। সেই সুত্ৰে সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা, নুৰুল আমিন, পুলিন দাসৰ সৈতে কাম কৰাৰ সৌভাগ্য হৈছিল তৰণী বৰ্মনৰ।
প্ৰয়াত বৰ্মনে ১৯৮২ চনৰ নতুন দিল্লীৰ নৱম এছিয়ান গেমছত অফিছিয়েল ফটোগ্ৰাফাৰ হিচাপে কাম কৰাৰ উপৰিও ঐতিহাসিক অসম আন্দোলনৰ বিৰল ফটো নিজৰ কেমেৰাত আবদ্ধ কৰিছিল। ১৯৭৪ চনৰ গুৱাহাটীৰ কংগ্ৰেছ মহাসভা আৰু গুৱাহাটীত অনুষ্ঠিত ১৫ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ ফটোগ্ৰাফাৰ আছিল তৰণীকান্ত বৰ্মন।
গুৱাহাটীৰ ফৰেনচিক বিজ্ঞানাগাৰৰ পৰা সহকাৰী বৈজ্ঞানিক হিচাপে অৱসৰ গ্ৰহণ কৰা বৰ্মনে নিজৰ সাংবাদিকতা জীৱনত ট্ৰিবিউন গোষ্ঠী, জিএল পাব্লিকেশ্বন আৰু অগ্ৰদূত গোষ্ঠীত কাম কৰিছিল। সম্প্ৰতি গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অফিছিয়েল ফটোগ্ৰাফাৰ তৰণীকান্ত বৰ্মনে নিজৰ সাংবাদিকতা জীৱনত বহু বটা লাভ কৰিবলৈ সক্ষম হৈছিল।
বৰ্মনে মৃত্যুৰ সময়ত পত্নী বিনোদা বৰ্মনৰ উপৰি তিনি পুত্ৰ, বোৱাৰী আৰু তিনিগৰাকী নাতি ইহ–সংসাৰত এৰি থৈ যায়। Newss18ৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মন হ’ল তৰণীকান্ত বৰ্মনৰ দ্বিতীয় পুত্ৰ। প্ৰয়াত বৰ্মনৰ নশ্বৰ দেহ দেওবাৰে পুৱা লৈ যোৱা হৈছিল তেখেতৰ জন্ম স্থান নলবাৰী জিলাৰ গোৱৰাদল গাঁৱলৈ। বৰমাৰ সমীপৱৰ্তী গোৱৰা দল, বকুৱাজাৰি, আখৰা, ষাঠিকুছি, পদ্মপাৰা, দহকহনীয়া আদি অঞ্চলৰ প্ৰায় ছয় হাজাৰ লোকে বৰ্মনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
দেওবাৰে ৰাজ্যিক মৰ্য্যদাৰে অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে তৰণীকান্ত বৰ্মনৰ নশ্বৰ দেহ ফৰেনচিক বিজ্ঞানাগাৰ, নৰকাসুৰ জ্যোতি সংঘ, মহাৰাণা এথলেটিকছ ক্লাৱ, অসম অলিম্পিক সন্থা, গুৱাহাটী প্ৰেছ ক্লাৱ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ কাৰ্যালয়লৈ নিয়া হয়।
তৰণীকান্ত বৰ্মনৰ মৃতুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, পিয়ুষ হাজৰিকা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, কুইন ওজা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক নোমল মমিনৰ লগতে অজস্ৰ গুণমুগ্ধই বৰ্মনৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 23, 2020, 18:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।