অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ ভাষ্য গ্ৰহণত বাধা, দিল্লীত অসম ভৱনৰ পৰা উলিয়াই দিলে সাংবাদিকক

News18 Assam | News18-Assam
Updated:January 13, 2020, 12:12 PM IST
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ ভাষ্য গ্ৰহণত বাধা, দিল্লীত অসম ভৱনৰ পৰা উলিয়াই দিলে সাংবাদিকক
৬নং দফা কমিটীৰ সভাপতি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, ৰমেশ বৰপাত্ৰগোহাঁই, মৃণাল মিৰি আৰু সুভাষ দাসৰে সাংবাদিকে কথা পতাত বাধা প্ৰদান কৰিলে অসম ভৱন কৰ্তৃপক্ষই।

  • Share this:
দিল্লীৰ অসম ভৱনত সাংবাদিকক প্ৰৱেশত বাধা আৰোপ অসম চৰকাৰৰ। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীৰ ভাষ্য গ্ৰহণ কৰিবলৈ অসম ভৱনত উপস্থিত হৈছিল দিল্লিস্থিত অসমৰ সাংবাদিকসকল।

সভাপতিসহ চাৰি সদস্যই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক শেষ কৰি অসম ভৱনত উপস্থিত হোৱাৰ পূৰ্বে সাংবাদিকসকলক আৰক্ষীয়ে অসম ভৱনৰ পৰা উলিয়াই দিয়ে।

৬নং দফা কমিটীৰ সভাপতি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, ৰমেশ বৰপাত্ৰগোহাঁই, মৃণাল মিৰি আৰু সুভাষ দাসৰে সাংবাদিকে কথা পতাত বাধা প্ৰদান কৰিলে অসম ভৱন কৰ্তৃপক্ষই।

সভাপতিসহ চাৰি সদস্যই গৃহমন্ত্ৰী অমিত শ্বাহৰে তেওঁৰ চৰকাৰী বাসগৃহত পুৱা ১০ বজাত বৈঠকত মিলিত হৈছিল। ১ ঘণ্টা মিলিত হৈ চাৰিওজন উপস্থিত হৈছিল অসম ভৱনত।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি