অসম সাংবাদিক পেন্সন আঁচনিৰ অধীনত চলিত বৰ্ষৰ পেন্সনাৰসকলৰ নাম আজি ঘোষণা কৰা হৈছে। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ জৰিয়তে প্ৰদান কৰিবলগীয়া এই পেন্সন চলিত ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ'ব (Journalist Pensioners 2022)।
বাছনিকৃত ২০ গৰাকী অৱসৰী সাংবাদিকৰ তালিকাখন এনেধৰণৰ উৎপল বৰদলৈ (কামৰূপ মহানগৰ), প্রদীপ ঘোষ (দৰং), মছলেম উদ্দিন আহমেদ (ধুবুৰী), মাহতাবুৰ ৰহমান (কৰিমগঞ্জ), ৰাতুল বৰা (যোৰহাট), জয়ন্ত কুমাৰ দাস (কামৰূপ মহানগৰ), ইমৰান হুছেইন (ওদালগুৰি), বাচা বৰা (চৰাইদেউ), পদ্ম সিং (কামৰূপ মহানগৰ), গৌৰেন্দু চক্ৰৱৰ্তী (কামৰূপ মহানগৰ), মণিশংকৰ পুৰকায়স্থ (কাৰ্বি আংলং), মদন মোহন অধিকাৰী (কাছাৰ), ৰামলাল সিন্হা (কামৰূপ মহানগৰ), বিনয় কুমাৰ শৰ্মা (কামৰূপ মহানগৰ), ৰবীন বৰুৱা (কাৰ্বি আংলং), সমীন্দ্ৰ নাথ (কামৰূপ মহানগৰ), ঈশ্বৰ প্ৰসাদ তামুলী (গোলাঘাট), কুমুদ চন্দ্ৰ ডেকা (নলবাৰী), ললিত চন্দ্ৰ কলিতা (কামৰূপ মহানগৰ) আৰু ৰত্নেশ কুমাৰ (কামৰূপ মহানগৰ)।
উল্লেখ্য যে অসম চৰকাৰে ২০১৭–১৮ বৰ্ষৰ পৰা আৰম্ভ কৰা এই আঁচনি অনুসৰি প্ৰতিবছৰে ২০ গৰাকীকৈ সাংবাদিকক তেওঁলোকৰ আবেদনৰ ভিত্তিত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে এই আঁচনিৰ বাবে বাছনি কৰা হয়। এনেদৰে যোৱা ৫ বছৰ মিলি মুঠ ১০০ গৰাকী সাংবাদিকে এতিয়ালৈ প্ৰতিমাহে ৮,০০০ টকাকৈ এই পেন্সন লাভ কৰি আছে। চলিত বৰ্ষত বাছনি কৰা ২০ গৰাকীৰে এই সংখ্যা ১২০ হৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : August 13, 2022, 22:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।