কাকপথাৰৰ নিষ্ঠাবান সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনাত মৃত্যু!

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুক কোনোৱে সহজে ল'ব পৰা নাই।
সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুক কোনোৱে সহজে ল'ব পৰা নাই।
- News18 Assam
- Last Updated: November 12, 2020, 6:53 PM IST
আনহাতে, সংকটজনক অৱস্থাত আহত হোৱা কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাক কাকপথাৰ আৰক্ষীৰ সহযোগত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিং হোমত ৰখা হৈছিল। কিন্তু আজি পুৱা ৯.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ভূঞাই। পৰাগ ভূঞা ‘প্ৰতিদিন টাইম’ আৰু ‘অসমীয়া খবৰ’ কাকতৰ কাকপথাৰৰ স্থানীয় সাংবাদিক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ ভাতৃ৷
সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুক কোনোৱে সহজে ল'ব পৰা নাই। এয়া এক হত্যা বুলি সন্দেহ কৰিছে একাংশই। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। আনহাতে, ভূঞাক খুন্দিয়াই পলায়ন কৰা গাড়ীখন চালকৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয় তিনিচুকীয়া আৰক্ষীয়ে। ধৃত চালকজনৰ নাম জেমচ মুড়া।