ধনদাবী, ব্লেকমেইলিং নহয়, এইবাৰ গৰু চুৰিত নামিল ৱেব প’ৰ্টেলৰ সাংবাদিক

হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানে নগাঁও চহৰৰ ভূঞাপট্টিৰ ভাড়াঘৰৰ পৰা আটক কৰিছে সুৰুজ আলীক।
হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানে নগাঁও চহৰৰ ভূঞাপট্টিৰ ভাড়াঘৰৰ পৰা আটক কৰিছে সুৰুজ আলীক।
- News18 Assam
- Last Updated: December 1, 2020, 5:53 PM IST
শেহতীয়াভাৱে নগাঁও আৰক্ষীৰ জালত গৰু ছিণ্ডিকেটত জড়িত এজন ৱেব প’ৰ্টেলৰ সাংবাদিক পৰাৰ পিছতে এই কথা পোহৰলৈ আহিছে। নিজকে প্ৰতিদিন ভাৰত নামৰ নগাঁৱৰ এটা ৱেব প’ৰ্টেলৰ সাংবাদিক বুলি পৰিচয় দিয়া সুৰুজ আলী নামৰ এজন ব্যক্তিক আটক কৰিছে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে। হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানে নগাঁও চহৰৰ ভূঞাপট্টিৰ ভাড়াঘৰৰ পৰা আটক কৰিছে সুৰুজ আলীক।
জানিব পৰা মতে, নগাঁও চহৰৰ সমীপৱৰ্তী চিলঙনিস্থিত প্ৰতিদিন ভাৰত নামৰ ৱেব প’ৰ্টেলটোত সাংবাদিক হিচাপে কৰ্মৰত সুৰুজ আলীৰ ঘৰ বাটমাৰীত। ইতিমধ্যে আৰক্ষীয়ে সুৰুজ আলীৰ পৰা গৰু ছিণ্ডিকেটৰ বহু কাগজ-পাতি উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। ইপিনে হয়বৰগাঁও আৰক্ষীক এই অভিযানৰ কালত আন দুটা ৱেব প’ৰ্টেলৰ সাংবাদিকে সহযোগ কৰিছিল বুলি জানিব পৰা গৈছে।