বৃহস্পতিবাৰে নিশা নগাঁৱৰ বৰঘাট বাইপাছত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে নগাঁৱৰ যুৱ সাংবাদিক ৰঞ্জিত শৰ্মা। নগাঁও প্ৰেছ ক্লাবৰ পৰা অৰ্জুনতলস্থিত নিজ বাসগৃহলৈ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় সাংবাদিকগৰাকী। নগাঁৱৰ এটা স্থানীয় নিউজ চেনেলত ফটো সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা ৰঞ্জিত শৰ্মাই বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত নগাঁও প্ৰেছ ক্লাবৰ পৰা ঘৰলৈ ঘূৰি যাওঁতেই বৰঘাট বাইপাছত দুৰ্ঘটনাৰ পতিত হয়।
অৱশ্যে কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হ'ল সেইবিষয়ে বৰ্তমানেও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৰঞ্জিত শৰ্মাক প্ৰথমে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ মগজুৰ পৰা প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হোৱাৰ বাবে নিশাই তেওঁক নগাঁৱৰ সাংবাদিকসকলে নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ আইচিইউত ভৰ্তি কৰে।
ইফালে, ৰঞ্জিত শৰ্মাক নগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে তাৎক্ষণিকভাৱে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে যদিও চৰকাৰী এম্বুলেঞ্চৰ অভাৱত সাংবাদিকসকলে নিজা খৰচত এম্বুলেঞ্চ যোগাৰ কৰি ব্যক্তিগত নাৰ্ছিং হোমৰ আইচিইউত ভৰ্তি কৰিবলৈ বাধ্য হয়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 12, 2022, 12:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|