মানসিক হতাশা! মহানগৰীত সাংবাদিকৰ আত্মহত্যাক লৈ শোকৰ ছাঁ

এটা ৱেবপৰ্টেলত কৰ্মৰত হৈ আছিল সাংবাদিকগৰাকী।

News18-Assam
Updated:July 29, 2019, 5:17 PM IST
মানসিক হতাশা! মহানগৰীত সাংবাদিকৰ আত্মহত্যাক লৈ শোকৰ ছাঁ
এটা ৱেবপৰ্টেলত কৰ্মৰত হৈ আছিল সাংবাদিকগৰাকী।
News18-Assam
Updated: July 29, 2019, 5:17 PM IST
মহানগৰীৰ এগৰাকী সাংবাদিকৰ আত্মহত্যাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে। পাণ্ডু জয়মতী নগৰস্থিত নিজ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় সাংবাদিক মধুসূদন গোস্বামীক। দেওবাৰে সন্ধিয়া প্ৰায় ৬বজাত চিপ লোৱা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে সাংবাদিকজনৰ মৃতদেহ।বিগত প্ৰায় ৫বছৰ ধৰি সংবাদক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছিল মধুসূদন গোস্বামী। শেহতীয়াকৈ এটা ৱেব পৰ্টেলত কৰ্মৰত হৈ আছিল সাংবাদিকগৰাকী।যোৱা কিছুদিনৰ পৰা তেওঁ মানসিকভাৱে ভাগি পৰা বুলিও জানিব পৰা গৈছে।সাংবাদিকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি