মুখ্যপৃষ্ঠা »খবৰ »অসম »বিদ্ৰোহ, বিভীষিকা, বিস্ময় আৰু অজস্ৰ প্ৰশ্নৰ বৰষুণ; আৰু উত্তৰত? ল’ক ডাউনৰ সময়তে সৃষ্টি হ’ল ‘গেৰিলা’ৰ!

বিদ্ৰোহ, বিভীষিকা, বিস্ময় আৰু অজস্ৰ প্ৰশ্নৰ বৰষুণ; আৰু উত্তৰত? ল’ক ডাউনৰ সময়তে সৃষ্টি হ’ল ‘গেৰিলা’ৰ!

ছপাশাল বন্ধ থকাৰ মাজতে এক দীঘলীয়া পৰিক্ৰমা সামৰি লিখা হ'ল গ্ৰন্থ 'গেৰিলা' ৷ সুদীৰ্ঘ পৰিকল্পনাৰে জেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই লিখি উলিয়াইছে এই গ্ৰন্থখন

ছপাশাল বন্ধ থকাৰ মাজতে এক দীঘলীয়া পৰিক্ৰমা সামৰি লিখা হ'ল গ্ৰন্থ 'গেৰিলা' ৷ সুদীৰ্ঘ পৰিকল্পনাৰে জেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই লিখি উলিয়াইছে এই গ্ৰন্থখন

ছপাশাল বন্ধ থকাৰ মাজতে এক দীঘলীয়া পৰিক্ৰমা সামৰি লিখা হ'ল গ্ৰন্থ 'গেৰিলা' ৷ সুদীৰ্ঘ পৰিকল্পনাৰে জেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই লিখি উলিয়াইছে এই গ্ৰন্থখন

  • Share this:
বিদ্ৰোহ, বিভীষিকা, বিস্ময় আৰু অজস্ৰ প্ৰশ্নৰ বৰষুণ; আৰু উত্তৰত? সেয়াও এক ৰহস্যময় বৰ্ণনা৷ শক্তিশালী ভাৰতীয় চোৰাংচোৱা বাহিনীৰ মূৰৰ কামুৰণি সৃষ্টি কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতত বিগত শতিকাৰ আশী দশকৰ পৰা সশস্ত্র সংগ্ৰাম চলাই যোৱা পাঁচটা বিদ্ৰোহী সংগঠন ৷ সংগঠনসমূহৰ পাঁচজন মুৰব্বীৰ আছুতীয়া সাক্ষাৎকাৰেৰে বিশ্বত্ৰাস কোৰোণা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে সৃষ্ট লকডাউনৰ কালত সৃষ্টি হ'ল 'গেৰিলা'ৰ ৷

কল্পনাতীত এক দুৰ্গম পথ ৷ বহুবাৰ সেই পথৰে তেওঁ গৈছে , চিনাকি পথ ৷ পথ মানে পাহাৰৰ মাজে মাজে নিজে উলিয়াই লোৱা বাট ৷ প্ৰথমবাৰ নগা ছাথীখানৰ লগত বাৰ্মালৈ যাওঁতেও এই পথৰেই গৈছিল তেওঁ ৷ যন্ত্ৰণা আছিল তেওঁৰ এই যাত্ৰাৰ সহযাত্ৰী ৷ সেয়া আছিল প্ৰথম বিদেশ পৰিক্ৰমাৰ কথা ৷ সামৰিক প্ৰশিক্ষণৰ কথা ৷ এবাৰ তেওঁ এম্বুছত পৰিছিল ৷ মানে কোনোমতে ৰক্ষা পৰিছিল ৷ তেওঁ যে সেই পথেৰে যাব, এজনে খবৰটো লিক্ কৰিছিল.... তাৰ পিছত কেৱল সীমাহীন ৰহস্য, যাৰ বৰ্ণনা এই 'গেৰিলা' ৷

ভাৰতীয় চোৰাংচোৱা সন্থাসমূহে বিশ্বাস কৰিছিল- বাবা খাপলাংৰ মৃত্যুত নিশ্চিতকৈ টাগালৈ আহিব পৰেশ বৰুৱা ৷ পৰেশ বৰুৱা টাগাত নাথাকে ৷ দীঘলীয়া বিৰতিৰ মূৰতহে সকলো পৰিৱেশ-পৰিস্থিতি পৰ্যৱেক্ষণ কৰি টাগালৈ আহে তেওঁ ৷ কেতিয়া আহে কোনেও নাজানে ৷ কেৱল আহি পোৱাৰ এদিন আগত কোনো নিদিৰ্ষ্ট স্থানলৈ যায় এদল সশস্ত্ৰ গেৰিলা ৷ দলটোৱে তেওঁক সেই নিদিৰ্ষ্ট স্থানৰ পৰা টাগালৈ নিৰাপত্তা দি আগবঢ়াই আনে ৷ নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে পৰেশ বৰুৱাই ৷ বাবা খাপলাংৰ সৈতে প্ৰতি নিয়ত বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁ যোগাযোগত থাকে ৷ বাহিৰত থাকিলেও খবৰ ৰাখেই ৷ সেইজন বাবা খাপলাংৰ মৃত্যুত পৰেশ বৰুৱা নাহিব? হ'বই নোৱাৰে ! তাতে টাগাত ঢুকাইছে বাবা খাপলাং ৷ নশ্বৰ দেহত শেষ শ্ৰদ্ধা যাছিবলৈ এবাৰ হ'লেও আহিবই ৷ আহিল নে তেওঁ? নিসন্দেহে ইয়াৰ উত্তৰ আপোনাক দিব 'গেৰিলা'ই ৷

কেৱল পৰেশ বৰুৱা বা আলফাই নহয়, পাঁচটা বিদ্ৰোহী সংগঠনৰ অপ্ৰকাশিত বহু প্ৰশ্নৰ উত্তৰ সমৃদ্ধ হ'ব 'গেৰিলা' ৷ থাকিব নিষিদ্ধ ঘোষিত সংগঠনসমূহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ অলিখিত বহু অধ্যায় ৷ ৰাজনৈতিক দলৰ ৰাজনীতি আপুনি দেখিছে ৷ কিন্তু বিদ্ৰোহী সংগঠনৰ? 'গেৰিলা'ত সংযুক্ত হ'ব বিদ্ৰোহীৰ ৰাজনীতি, ৰণনীতি আদি বহু অজান আখ্যান ৷

ছপাশাল বন্ধ থকাৰ মাজতে এক দীঘলীয়া পৰিক্ৰমা সামৰি লিখা হ'ল গ্ৰন্থ 'গেৰিলা' ৷ সুদীৰ্ঘ পৰিকল্পনাৰে জেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই লিখি উলিয়াইছে এই গ্ৰন্থখন ৷ বিজু কুমাৰ ডেকাৰ এই যাত্ৰা মসৃণ কেতিয়াও নাছিল ৷ একেৰাহে দিনে-ৰাতি পাহাৰ বগাই দূৰ-সুদূৰৰ পৰা খবৰ বুটলি উভতা বিজু কুমাৰৰ বাতৰিৰ ধাৰাবাহিকতাক ৰুদ্ধ কৰিব পৰা নাছিল ভয়, ভাবুকি কিম্বা কাৰাগাৰেও ৷ সংঘাত সংবাদ পৰিবেশনৰ নতুন ধাৰা সৃষ্টিৰে সুকীয়া পৰিচয় লাভ কৰা বিজু কুমাৰ ডেকাৰ বহু কষ্টৰ ফচল এই 'গেৰিলা' প্ৰকাশ পাব ডিজিটেল ৰূপত ৷ জুন মাহত অনলাইনযোগে www.bijukumardeka.comত আপুনিও হ'ব পাৰিব সেই শিহৰণকাৰী অভিজ্ঞতাৰ সাক্ষী ৷ আপোনাৰ কপিটোৰ বাবে আজিয়েই বুকিং কৰিব পাৰে deka_4@yahoo.co.in মেইল যোগেও ৷

শেহতীয়া বাতৰি