দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু বকো সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলত চলি থকা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে শনিবাৰে সংবাদ কৰ্মীসকলে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে৷ গৰৈমাৰী-কালাতলী-সোণতলী চমুকৈ জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত অঞ্চলসমূহৰ অবৈধ মদ, ভাং, ড্ৰাগছ, তীৰ, জুৱা খেলকে আদি কৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত শনিবাৰে পুৱাৰে পৰা সন্ধিয়ালৈ বৃহত্তৰ গৰৈমাৰী-সোণতলীত সাংবাদিকসকলে সজাগতা যাত্ৰা অনুষ্ঠিত কৰে৷
উল্লেখ্য যে ছয়গাঁও আৰু বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী, চাম্পুপাৰা, জোৰশিমুলী, হাঁহচৰী, চৌতাৰা, ভাউৰিয়াভিঠা, কালাতলী, জাওকাটা, ডেকাচাং, টুপামাৰী, মালিবাৰী, বদলা, ৰঙাপানী, সোণতলী, পানীখাইতি, আদি অঞ্চলত সম্প্ৰতি ব্যাপক হাৰত অবৈধ মদ, জুৱা, ভাং, তীৰ, ড্ৰাগছ, নাৰীৰ বেহা আদি অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে৷
দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু বকো সমষ্টি দুটাৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলত একাংশ অসাধু চক্ৰৰ বাবে গা-কৰি উঠা বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে স্থানীয় সচেতন মহলে ভৱিষ্যৎ প্ৰজন্মক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে৷ ছয়গাঁও আৰু বকো বিধানসভা সমষ্টিৰ উল্লেখিত অঞ্চলৰ বিভিন্ন হাট-বজাৰ, তিনিআলি নাইবা চাৰিআলি চ'কত একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে নিৰ্বিঘ্নে চলাই গৈছে অবৈধ বেহাসমূহ৷ তীৰখেলৰ কবলত পৰি গ্ৰামাঞ্চলৰ বহুলোক ইতিমধ্যে সৰ্বস্বান্ত হবলগীয়া হৈছে৷
অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত আজি জি কে এছ (গৰৈমাৰী-কালাতলী-সোণতলী) প্ৰেছ ক্লাবৰ উদ্যোগত বৃহত্তৰ গৰৈমাৰী-সোণতলী অঞ্চল সামৰি সাংবাদিকসকলে ই-ৰিক্সা লৈ 'সাংবাদিকৰ সজাগতা যাত্ৰা' নামেৰে সমদল উলিয়ায় ৷ সাংবাদিকসকলে ১২খনকৈ ই-ৰিক্সা লৈ পুৱা জি কে এছ প্ৰেছ ক্লাবৰ সন্মুখৰ পৰা যাত্ৰা আৰম্ভ কৰে৷ ইয়াৰোপৰি 'সাংবাদিকৰ সজাগতা যাত্ৰা' কাৰ্যসূচীত সৰ্বসাধৰণ ৰাইজক সজাগ কৰি তোলাৰ উদ্দেশ্যে আচলপাৰা বজাৰ, জোৰশিমুলী সাপ্তাহিক শনিবৰীয়া বজাৰ, সোণতলী বজাৰ, কালাতলী বজাৰ আৰু চৌতাৰা বজাৰত একোখনকৈ অনুষ্ঠিত কৰা হয়৷ সংবাদকৰ্মীৰ এই কাৰ্যসূচীক সচেতন মহলে ভুয়সী প্ৰসংসা কৰাৰ লগতে সোণতলীৰ ইমাম কমিটী, মাহতলী বজাৰ কমিটী, মাহতলী বজাৰ ব্যাবসায় সন্থা আদি কেইবাটাও দল–সংগঠনে সাংবাদিক সকলক ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায়৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|