দক্ষিণ কামৰূপৰ মনীয়েৰী তিনিআলিত সাংবাদিকক হত্যাৰ চেষ্টা!

মনীয়েৰী তিনিআলিত জুৱাৰীয়ে লাইট পোষ্টত বান্ধি লৈ প্ৰহাৰ কৰিলে মিলন মহন্ত নামৰ সাংবাদিকগৰাকীক।
মনীয়েৰী তিনিআলিত জুৱাৰীয়ে লাইট পোষ্টত বান্ধি লৈ প্ৰহাৰ কৰিলে মিলন মহন্ত নামৰ সাংবাদিকগৰাকীক।
- News18 Assam
- Last Updated: November 15, 2020, 4:06 PM IST
জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ দক্ষিণ কামৰূপৰ মিৰ্জাত এগৰাকী সাংবাদিকক ভূ–মাফিয়া তথা জুৱাৰীয়ে গণপ্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ।পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মনীয়েৰী তিনিআলিত জুৱাৰীয়ে লাইট পোষ্টত বান্ধি লৈ প্ৰহাৰ কৰিলে মিলন মহন্ত নামৰ সাংবাদিকগৰাকীক।
মিলন মহন্তক তিনিআলি চ’কত বজাৰ কৰি থকা অৱস্থাত দেওবাৰে দুপৰীয়া সঞ্জয় ঠাকুৰীয়া নামৰ ভু-মাফিয়া তথা জুৱাৰীগৰাকীৰ নেতৃত্বত একাংশ লোকে খেদি আহি অতৰ্কিতে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। তাৰ পিছত ৰাজপথৰ কাষত থকা লাইট পোষ্টত বান্ধি লৈ প্ৰহাৰ কৰে সাংবাদিকগৰাকীক। গুৰুত্বৰভাৱে আহত হোৱা মহন্তক স্থানীয় দুজনমান সচেতন লোকে কোনোমতে জুৱাৰীৰ দলটোৰ ৰোষৰ পৰা উদ্ধাৰ কৰে। কিন্তু পলাশবাৰী আৰক্ষী কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হয় যদিও মহন্তক উদ্ধাৰৰ সলনি ৰহস্যজনক ভূমিকাহে গ্ৰহণ কৰা বুলি দল–সংগঠনে অভিযোগ তুলিছে।
গুৰুত্বৰভাৱে আহত মিলন মহন্তই ভূ-মাফিয়া সঞ্জয় ঠাকুৰীয়া আৰু তেওঁৰ সহযোগী বুদু ঠাকুৰীয়া আৰু বিশ্বজিৎ দাস বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উল্লেখ্য যে ভূ–মাফিয়া সঞ্জয় ঠাকুৰীয়াৰ নেতৃত্বত চলা জুৱাৰীৰ বিৰুদ্ধে সাংবাদিক মিলন মহন্তই ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছিল, যাৰ বাবে আক্ৰমণৰ বলি হয় সাংবাদিকজন।