এতিয়ালৈ গ্ৰেপ্তাৰ নহ’ল সাংবাদিক মিলন মহন্তক আক্ৰমণ কৰা ভূ–মাফিয়া তথা জুৱাৰী সঞ্জয় ঠাকুৰীয়া

আক্ৰমণকাৰী সঞ্জয় ঠাকুৰীয়াৰ লগতে বুদু ঠাকুৰীয়া, বিশ্বজিৎ দাস আৰু গুণ্ডা বাহিনীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে সকলোৱে।
আক্ৰমণকাৰী সঞ্জয় ঠাকুৰীয়াৰ লগতে বুদু ঠাকুৰীয়া, বিশ্বজিৎ দাস আৰু গুণ্ডা বাহিনীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে সকলোৱে।
- News18 Assam
- Last Updated: November 16, 2020, 4:20 PM IST
আক্ৰমণকাৰী সঞ্জয় ঠাকুৰীয়াৰ লগতে বুদু ঠাকুৰীয়া, বিশ্বজিৎ দাস আৰু গুণ্ডা বাহিনীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে সকলোৱে। সমান্তৰালভাৱে আৰক্ষীক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে ৰাইজে। আনহাতে, ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ। ভাৰতীয় দণ্ডবিধি আইনৰ 341, 324, 325, 392 ধাৰাত 515/20 নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। কিন্তু বৰ্তমানলৈকে পলাতক সঞ্জয় ঠাকুৰীয়া, বুদু ঠাকুৰীয়া আৰু বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰিব পৰা নাই পলাশবাৰী আৰক্ষীয়ে। ইফালে পলাশবাৰীৰ ভিন্ন অঞ্চলত আৰক্ষীৰ ছত্ৰছায়াত জুৱা খেল চলি থকাৰ অভিযোগ ৰাইজৰ।