যুৱতীৰ জীৱন ৰক্ষা কৰিবলৈ গৈ দাৰ ঘাপ খালে সাংবাদিক আফনুৰ আলীয়ে, জি এম চি এইচত চিকিৎসাধীন

নৱ বিবাহিতা পত্নীক সন্ধিয়া কৰ্মস্থলী জি এম চি এইচৰ পৰা আনিবলৈ যাওঁতে হঠাৎ আফনুৰে দেখিলে এগৰাকী নাৰ্ছক এজন উন্মাদ যুৱকে দাৰে ঘপিয়াইছে।
নৱ বিবাহিতা পত্নীক সন্ধিয়া কৰ্মস্থলী জি এম চি এইচৰ পৰা আনিবলৈ যাওঁতে হঠাৎ আফনুৰে দেখিলে এগৰাকী নাৰ্ছক এজন উন্মাদ যুৱকে দাৰে ঘপিয়াইছে।
- News18 Assam
- Last Updated: December 15, 2020, 9:58 AM IST
নৱ বিবাহিতা পত্নীক সন্ধিয়া কৰ্মস্থলী জি এম চি এইচৰ পৰা আনিবলৈ যাওঁতে হঠাৎ আফনুৰে দেখিলে এগৰাকী নাৰ্ছক এজন উন্মাদ যুৱকে দাৰে ঘপিয়াইছে। যুৱতীগৰাকীয়ে চিঞৰিছে সহায়ৰ বাবে। আফনুৰে উন্মাদ যুৱকজনৰ কবলৰ পৰা যুৱতীগৰাকীক বচাবলৈ যাওঁতেই উন্মাদ যুৱকজনে আফনুৰকো আক্ৰমণ কৰে। দাৰ ঘাপ পৰিল আফনুৰৰ মুখমণ্ডলত।
মুখমণ্ডলত ৩৪টা চিলাই লৈ বৰ্তমান জি এম চি এইচত চিকিৎসাধীন আফনুৰ। চিকিৎসাধীন আহত যুৱতীগৰাকীও। আনহাতে, দুৰ্বৃত্ত পংকজ বৈশ্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আফনুৰ আলীৰ এই সাহসিকতাৰ শলাগ লৈছে সকলোৱে। লগতে গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে সকলোৱে সাংবাদিকগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।