পুনৰ ৰাজ্যত সাংবাদিকক আক্ৰমণৰ ঘটনা, ধুবুৰীত চোকা অস্ত্ৰৰে আক্ৰমণ সাংবাদিক অৰুণ কুমাৰ পালক

News18 Assam | News18-Assam
Updated:September 14, 2020, 10:56 AM IST
পুনৰ ৰাজ্যত সাংবাদিকক আক্ৰমণৰ ঘটনা, ধুবুৰীত চোকা অস্ত্ৰৰে আক্ৰমণ সাংবাদিক অৰুণ কুমাৰ পালক
ৰাজপথত আক্ৰমণৰ পিছত সাংবাদিকজনে কোনোমতে প্ৰাণ ৰক্ষা কৰি ঘৰত প্ৰৱেশ কৰে। তাৰ পিছতো দুৰ্বৃত্তটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে মূৰত আৰু শৰীৰত আঘাত কৰে সাংবাদিকগৰাকীক।

ৰাজপথত আক্ৰমণৰ পিছত সাংবাদিকজনে কোনোমতে প্ৰাণ ৰক্ষা কৰি ঘৰত প্ৰৱেশ কৰে। তাৰ পিছতো দুৰ্বৃত্তটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে মূৰত আৰু শৰীৰত আঘাত কৰে সাংবাদিকগৰাকীক।

  • News18 Assam
  • Last Updated: September 14, 2020, 10:56 AM IST
  • Share this:
ধুবুৰীৰ গৌৰীপুৰত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা। নিশা ধুবুৰীৰ গৌৰীপুৰত দৈনিক অসমৰ সাংবাদিক অৰুণ কুমাৰ পালক দুৰ্বৃত্তৰ আক্ৰমণ। নিজা কৰ্তব্যৰ পৰা ঘৰলৈ ওভতাৰ পথত সাংবাদিকগৰাকীক আক্ৰমণ কৰে এজন যুৱকে। পিছত জানিব পৰা মতে, যুৱকজন অসম আৰক্ষীত কৰ্মৰত হৈ আছে। অভিযুক্ত যুৱকজনৰ নাম সুব্ৰত সৰকাৰ ওৰফে বাপ্পি সৰকাৰ আৰু গোৱালপাৰাত কৰ্মৰত।

উল্লেখযোগ্য যে ৰাজপথত আক্ৰমণৰ পিছত সাংবাদিকজনে কোনোমতে প্ৰাণ ৰক্ষা কৰি ঘৰত প্ৰৱেশ কৰে। তাৰ পিছতো দুৰ্বৃত্তটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে মূৰত আৰু শৰীৰত আঘাত কৰে সাংবাদিকগৰাকীক।

সাংবাদিকগৰাকীক স্থানীয় ৰাইজে গৌৰীপুৰত স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰে যদিও উন্নত চিকিৎসাৰ বাবে আজি পুনৰ ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে।

নিশা গৌৰীপুৰ আৰক্ষী থানাত সাংবাদিক পালে এখন এজাহাৰ দাখিল কৰে। সম্প্ৰতি আৰক্ষীয়ে অভিযান চলাইছে যদিও অভিযুক্ত আৰক্ষী বেটেলিয়নগৰাকীক পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিয়ে।
Published by: Sanjay Kumar Das
First published: September 14, 2020, 10:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি