মুখ্যপৃষ্ঠা »খবৰ »অসম »Hailakandi : পথৰ দুৰৱস্থাৰ বাবে ৰাইজৰ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বিধায়কৰ ''কেডাৰ''ৰ আক্ৰমণ

Hailakandi : পথৰ দুৰৱস্থাৰ বাবে ৰাইজৰ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বিধায়কৰ ''কেডাৰ''ৰ আক্ৰমণ

 স্থানীয় বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ অকৰ্মণ্যতাৰ বাবে তেওঁৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

 স্থানীয় বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ অকৰ্মণ্যতাৰ বাবে তেওঁৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

 স্থানীয় বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ অকৰ্মণ্যতাৰ বাবে তেওঁৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

  • Share this:
হাইলাকান্দিত পথৰ দুৰৱস্থাৰ সংবাদ সংগ্ৰহ কৰিবলৈ গৈ লাঞ্ছিত সাংবাদিক। সংবাদ সংগ্ৰহ কৰিবলৈ গৈ বিধায়কৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ চিকাৰ হয় সাংবাদিক। হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ শিৰিশপুৰত সংঘটিত হৈছে এই ঘটনা। হাইলাকান্দি চহৰৰ লগতে শিৰিশপুৰ হৈ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টি সংযোগী পথৰ বেয়া পৰিস্থিতিৰ সংবাদ সংগ্ৰহত গৈছিল সংবাদিকসকল।

দীৰ্ঘ বছৰৰ পৰা অতি বেয়া অৱস্থাত আছে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টি সংযোগকাৰী পথ। ১০ বছৰেও হোৱা নাই পথৰ কোনো মেৰামতি। বৰষুণ আহিলেই বোকা আৰু পানীয়ে নৰ্দমাৰ ৰূপ লয় পথটোত।

স্থানীয় ৰাইজে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীসহ লোকনিৰ্মাণ বিভাগক এই বিষয়ে বাৰে বাৰে অৱগত কৰি আহিলেও তেওঁলোকে কৰ্ণপাত কৰা নাই। অৱশেষত উপায়হীন হৈ স্থানীয় ৰাইজে বিভিন্ন দল-সংগঠনৰ সহযোগত আজি ৰাতিপুৱাৰ পৰা পথ অৱৰোধ কৰি প্ৰতিবাদ আৰম্ভ কৰে। স্থানীয় বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ অকৰ্মণ্যতাৰ বাবে তেওঁৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। আৰু ইয়াতে অগ্নিশৰ্মা হৈ উঠে বিধায়কৰ ঘনিষ্ঠ ব্যক্তি। এই প্ৰতিবাদ লণ্ড ভণ্ড কৰাৰ উদ্দেশ্যে তেওঁলোকে প্ৰতিবাদৰ সংবাদ সংগ্ৰহত যোৱা সাংবাদিকসকলৰ ওপৰতো চলায় আক্ৰমণ।

মজিবুৰ তাপাদাৰ নামৰ এগৰাকী স্থানীয় বিধায়কৰ কেডাৰৰ নেতৃত্বত অহা ৪/৫ জনীয়া এটা দলে বিভিন্ন নিউজ চেনেল আৰু বাতৰি কাকতৰ সাংবাদিকসকলৰ ওপৰত চলায় আক্ৰমণ। এই আক্ৰমণত এটা কেমেৰা, মোবাইলসহ কেইটামান মাইক্ৰোফন বুম নষ্ট হয়।

পিছত সাংবাদিকসকলৰ ফালৰ পৰা শিৰিশপুৰ আৰক্ষী চকীত মজিবুৰ তাপাদাৰক মুখ্য অভিযুক্ত কৰি এটা গোচৰ ৰজু কৰে সাংবাদিকসকলে। এই ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দিত এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। সংবাদ মাধ্যমৰ ওপৰত এনে আক্ৰমণক ধিক্কাৰ জনাই দোষীক ১২ ঘন্টাৰ ভিতৰত কৰায়ত্ত কৰাৰ আহ্বান জনাইছে বিভিন্ন দল-সংগঠনে।

শেহতীয়া বাতৰি