বিধায়ক–পঞ্চায়ত সভানেত্ৰীক গালি–গালাজ আৰু ভাবুকি, গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভু সাংবাদিক

News18 Assam | News18-Assam
Updated:October 23, 2020, 5:52 PM IST
বিধায়ক–পঞ্চায়ত সভানেত্ৰীক গালি–গালাজ আৰু ভাবুকি, গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভু সাংবাদিক
বিশ্বনাথ আৰক্ষীয়ে ২৮৬/২০২০ গোচৰত ২৯৪/৫০৯/১০৯/৫০৬/৫০৭/৩৪ ধাৰাত গ্ৰেপ্তাৰ কৰে স্বয়ম্ভু সাংবাদিকজনক।

বিশ্বনাথ আৰক্ষীয়ে ২৮৬/২০২০ গোচৰত ২৯৪/৫০৯/১০৯/৫০৬/৫০৭/৩৪ ধাৰাত গ্ৰেপ্তাৰ কৰে স্বয়ম্ভু সাংবাদিকজনক।

  • Share this:
বিশ্বনাথৰ বিধায়ক আৰু পঞ্চায়তৰ সভানেত্ৰীক মোবাইলযোগে অশ্লীল গালি-গালাজ আৰু ভাবুকি প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ হল নগাঁও জিলাৰ স্বয়ম্ভু সাংবাদিক জয়ন্ত শইকীয়া।  বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু লেহুগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰিয়ংকা বৰা হাজৰিকাক যোৱা ১২ অক্টোবৰত মোবাইলযোগে অশ্লীল গালি–গালাজ কৰাৰ উপৰি সভানেত্ৰীগৰাকীক ভাবুকি প্ৰদান কৰিছিল।

ইয়াৰ পিছতে সভানেত্ৰীগৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে জয়ন্ত শইকীয়াক নগাঁৱৰ চামগুৰিত আৰক্ষীয়ে আটক কৰে আৰু আজি বিশ্বনাথ চাৰিআলি আৰক্ষী থানালৈ আনে।

বিশ্বনাথ আৰক্ষীয়ে ২৮৬/২০২০ গোচৰত ২৯৪/৫০৯/১০৯/৫০৬/৫০৭/৩৪ ধাৰাত গ্ৰেপ্তাৰ কৰে স্বয়ম্ভু সাংবাদিকজনক। উৎপল দাধৰা নামৰ যুৱকজনে এই কাৰ্য কৰিবলৈ জয়ন্তক উচতনি দিছিল বুলি ইতিমধ্যে জয়ন্তই আৰক্ষীৰ আগত স্বীকাৰ কৰিছে আৰু আৰক্ষীয়ে উৎপলক বিচাৰি অভিযান আৰম্ভ কৰিছে৷

ইফালে বিশ্বনাথৰ ট্ৰেফিক ইনচাৰ্জ অৰূপ থাপাকো কিছুদিন পূৰ্বে অশ্লীল গালি গালাজ আৰু চাকৰি খোৱাৰ ভাবুকি প্ৰদান কৰিছিল এই জয়ন্তই। জয়ন্ত শইকীয়াই নিজে ‘অসম লাইভ চেনেল’ নামৰ ফেচবুক পেজ খুলি নিজকে সাংবাদিক বুলি পৰিচয় দি বিভিন্ন লোকক ভাবুকি প্ৰদান কৰাৰ অভিযোগ আছে। কেইবাগৰাকীও মন্ত্ৰীৰ সৈতে সু–সম্পৰ্ক থকা বুলি নিজেই দাবী কৰা জয়ন্ত শইকীয়া এতিয়া ৰঙাঘৰৰ আলহী৷
Published by: Sanjay Kumar Das
First published: October 23, 2020, 5:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading