যোৰহাটৰ ভাড়াঘৰত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ যুৱ চিকিত্সকৰ মৃতদেহ

শনিবাৰে পুৱা যোৰহাট নগৰ জোকাৰি গ’ল এটা লোমহৰ্ষক হত্যাকাণ্ডই।
শনিবাৰে পুৱা যোৰহাট নগৰ জোকাৰি গ’ল এটা লোমহৰ্ষক হত্যাকাণ্ডই।
- News18 Assam
- Last Updated: September 5, 2020, 6:02 PM IST
শনিবাৰে পুৱা যোৰহাট নগৰ জোকাৰি গ’ল এটা লোমহৰ্ষক হত্যাকাণ্ডই। যোৰহাটৰ চন্দন নগৰত ভাড়াতীয়া হিচাপে থকা এগৰাকী যুৱ চিকিৎসকক কোঠাৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি দুৰ্বৃত্তই হত্যা কৰে। মৃত যুৱকজনৰ নাম ৰাহুল বসুমতাৰী। যোৰহাটৰ ডাঃ জে কে শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ ইন্টাৰ্ণ চিকিৎসক হিচাপে কৰ্মৰত আছিল চিকিত্সকজন। ৰাহুলৰ ঘৰ ওদালগুৰিত।
কোঠাৰ ভিতৰত কেনেদৰে আছিল মৃতদেহ ?
ওদালগুৰিৰ যুৱক ৰাহুল বিগত প্ৰায় দুবছৰ ধৰি অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া হিৰা প্ৰসাদ নাথৰ চন্দন নগৰস্থিত বাসগৃহত ভাড়াতীয়া হিচাপে আছিল। ভাড়াঘৰৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাহুল অতি অমায়িক আৰু ভদ্ৰ স্বভাৱৰ যুৱক আছিল। অতি কম সংখ্যক লোকহে ৰাহুলৰ কোঠালৈ অহা যোৱা কৰিছিল।
অমায়িক স্বভাৱৰ ৰাহুলৰ হত্যাকাণ্ডই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। আৰক্ষীয়ে প্ৰাথমিক তদন্তত সন্দেহ কৰা মতে, শুকুৰবাৰে নিশা ৰাহুলৰ সৈতে কোঠাটোত কোনো পৰিচিত লোক আছিল। কিবা কথাত হোৱা কাজিয়াৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
আৰক্ষীয়ে ৰাহুলৰ কোঠাৰ পৰা এখন কটাৰি জব্দ কৰিছে। তেজ লাগি থকা এটা পেণ্টো উদ্ধাৰ হৈছে বাথৰূমৰ পৰা। ইয়াৰ লগতে আৰক্ষীয়ে ফৰেনচিক পৰীক্ষাৰ বাবে কোঠাৰ ভিতৰত পৰি থকা বহু সামগ্ৰী সংগ্ৰহ কৰিছ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ক্লু লাভ কৰাৰ লগতে হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভটো বহু প্ৰমাণ লাভ কৰিছে। কিন্তু তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে সেয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে।