যোৰহাটৰ বৰহোলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দেওবাৰে নিশা চৰাইদেউ জিলাৰ পৰা অহা সেনাবাহিনীৰ এটা দলে অভিযান চলাই ঘৰৰ পৰা আটক কৰি নিয়াৰ পিছতে ৰহস্যজনক ভাৱে মৃত্যু হৈছে এজন যুৱকৰ।
যোৰহাটৰ বৰহোলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দেওবাৰে নিশা চৰাইদেউ জিলাৰ পৰা অহা সেনাবাহিনীৰ এটা দলে অভিযান চলাই ঘৰৰ পৰা আটক কৰি নিয়াৰ পিছতে ৰহস্যজনক ভাৱে মৃত্যু হৈছে এজন যুৱকৰ।
যোৰহাটৰ বৰহোলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দেওবাৰে নিশা চৰাইদেউ জিলাৰ পৰা অহা সেনাবাহিনীৰ এটা দলে অভিযান চলাই ঘৰৰ পৰা আটক কৰি নিয়াৰ পিছতে ৰহস্যজনক ভাৱে মৃত্যু হৈছে এজন যুৱকৰ। মৃত যুৱকজনৰ নাম জয়ন্ত বৰা। চৰাইদেউৰ পৰা অহা সেনাবাহিনীৰ ২৪৪ ফিল্ড ৰেজিমেণ্টৰ দলটোৰ অত্যাচাৰৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। নিশা যুৱকজনক ঘৰৰ পৰা উঠাই নিয়াৰ পিছত পুৱতি নিশা প্ৰায় ৩ বজাত যোৰহাট মেডিকেল কলেজলৈ লৈ অনা যুৱকজনক চিকিৎসকে মৃত ঘোষণা কৰে। উল্লেখ্য য়ে, মৃত জয়ন্তৰ পিতৃও নিৰাপত্তা বাহিনীতে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল।
এই ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৰহাট আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল বৰহোলালৈ গৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। চৰাইদেউৰ পৰা সেনাবাহিনীৰ দলটোৱে কি খবৰৰ ভিত্তিত এই অভিযান চলাইছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও অবৈধ মাৰণাস্ত্ৰৰ সন্ধানতে এই অভিযান চলোৱাৰ সন্দেহ কৰা হৈছে। কিন্তু যোৰহাটত সেনা বাহিনীৰ ইউনিট থকাৰ পিছতো হঠাৎ এইদৰে চৰাইদেউ জিলাৰ পৰা সেনাৰ দল যোৰহাটত অভিযান চলাবলৈ অহা ঘটনাই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে আৰক্ষীৰ পৰা জানিব পৰা মতে, এই অভিযান সম্পূৰ্ণ ৰূপে সেনাবাহিনীৰ তদাৰকত চলিছিল।
জয়ন্ত বৰাৰ মৃতদেহটোত মুখৰ পৰা বহু পৰিমাণে ৰঙচুৱা ফেন ওলাই থকা দেখিবলৈ পোৱা গৈছে। আনহাতে পিঠি আৰু হাতৰ বহু ঠাইত ৰঙচুৱা হৈ আছে যদিও সেয়া কিহৰ ফলত হোৱা দাগ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ’ব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|