সেনাৰ জিম্মাত থকা অৱস্থাত মৃত্যু হৈছিল জয়ন্তৰ! হাতত AK47 লৈ থকা জয়ন্তৰ ফটোক লৈ সৃষ্টি বহু প্ৰশ্নৰ

ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে বৰহোলাত সেনা অভিযানৰ পিছতে নিহত হোৱা জয়ন্ত বৰাৰ ঘটনা সন্দৰ্ভত।
ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে বৰহোলাত সেনা অভিযানৰ পিছতে নিহত হোৱা জয়ন্ত বৰাৰ ঘটনা সন্দৰ্ভত।
- News18 Assam
- Last Updated: June 19, 2020, 10:26 PM IST
কেম'ফ্লেজ পোচাক পিন্ধি হাতত AK47 ৰাইফল লৈ তোলা জয়ন্তৰ এখন ফটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ফটোখন জয়ন্তই ক'ত তুলিছিল তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে। প্ৰশ্ন উঠিছে যে, উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক আছিল নেকি জয়ন্তৰ? এই সন্দৰ্ভত ইউনিফাইড কামাণ্ডৰ বৈঠকৰ পিছত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও মত ব্যক্ত কৰিছিল। জানিব পৰা মতে, এই ফটোখন জয়ন্তৰ মোবাইল ফোনত আছিল। আনহাতে এই ফটোখনৰ উৎস বা এইখন এডিট কৰা ফটো নেকি এই সকলোখিনি স্পষ্ট হ’ব তদন্তৰ পিছত।

আনহাতে সেনাবাহিনীৰ অভিযানকাৰী দলটোৰ বিষয়াগৰাকী আছিল অসমৰ আৰু তেওঁ ভালদৰে অসমীয়াতে জয়ন্তৰ পৰিয়ালৰ সৈতে কথা পাতিছিল। ফলত এই অভিযান আৰক্ষীয়ে চলোৱা বুলি বহুলোকে ধাৰণা কৰিছিল। জয়ন্তক ঘৰৰ পৰা উঠাই নিয়াৰ পৰা JMCHত পোৱালৈকে সময়ৰ ব্যাৱধান আছিল প্ৰায় দুইৰ পৰা আঢ়ৈ ঘন্টা। আৰক্ষীক লগত লৈ যোৱা সেনাৰ দলটোৱে জয়ন্তক নিজৰ গাড়ীত উঠাই অনাৰ সময়তে জয়ন্তৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে।
এই অভিযান AFSPAৰ অধীনত চৰাইদেউস্থিত সেনাৰ 244 ফিল্ড ৰেজিমেণ্টৰ দলটোৱে চলাইছিল। এই অভিযান সেনাৰ নেতৃত্বত হোৱাৰ লগতে জয়ন্তৰ মৃত্যু সেনাৰ জিম্মাতে হৈছে বুলি প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহাৰ কথা জানিবলৈ দিছে যোৰহাটৰ উপায়ুক্তই। এই অভিযানৰ বিষয়ে নিয়ম অনুসৰি জিলা প্ৰশাসনক অৱগত কৰিব লাগে যদিও সেনাৰ দলটোৱে সেয়া কৰা নাছিল। AFSPA অধীনত এই অভিযান চলোৱা হৈছিল যদিও যোৰহাটৰ এলেকাত অভিযান চলোৱাৰ অনুমতি আছেনে নাই অৰ্থাৎ area of responsibilityত যোৰহাট আছেনে নাই সেই তথ্য লিখিত ৰূপত সেনাৰ উৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যোৰহাটৰ জিলা উপায়ুক্তই বিচাৰিছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে।
জয়ন্তই সেনাবাহিনীৰ সৈতে জড়িত কোনো লোকৰ সৈতে ফোনত সঘনাই কথা পাতি আহিছিল নেকি সেই প্ৰশ্নও উত্থাপন হৈছে। জয়ন্তৰ মোবাইল ফোনৰ তথ্যসমূহ বিশ্লেষণ কৰাৰ পিছত সেই কথা অচিৰেই তদন্তত পোহৰলৈ আহিব। ঘটনাৰ আগদিনা জয়ন্তই কাৰ সৈতে আৰু কিয় কথা পাতিছিল সেয়াও এই তদন্তত এক গুৰুত্বপূৰ্ণ সমল হ’ব।