• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটত উলংগ অৱস্থাত পথৰ কাষত পৰি থাকি মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকী কোন আছিল?

যোৰহাটত উলংগ অৱস্থাত পথৰ কাষত পৰি থাকি মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকী কোন আছিল?

গোলাঘাট আৰক্ষীয়ে প্ৰায় এপষেক পূৰ্বে এই কেন্দ্ৰটোত থৈ যোৱা ৰাহিনা বেগম শনিবাৰে পুৱতিনিশা কেন্দ্ৰটোৰ পৰা পলাই গৈছিল বুলি জানিবলৈ দিছে উক্ত কেন্দ্ৰটোৰ কৰ্তৃপক্ষই।

  • Share this:
যোৰহাটত দেওবাৰে পুৱা উলংগ অৱস্থাত ৰে’ল লাইনৰ কাষত পৰি থাকি অৱশেষত মৃত্যুক আঁকোৱালি লোৱা আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হ’ল। মহিলাগৰাকী হৈছে বৰপেটাৰোডৰ ৰাহিনা বেগম। মানসিকভাৱে অসুস্থ মহিলাগৰাকী প্ৰায় তিনিমাহ পূৰ্বে ঘৰৰ পৰা ওলাই আহিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। মহিলাগৰাকী শেহতীয়াকৈ গোলাঘাটৰ গোলাঘাট মহিলা নিৰ্মাণ গোট নামৰ এনজিঅ'টোৰ অধীনত মানসিকভাৱে অস্থিৰ লোকসকলৰ বাবে থকা এটা কেন্দ্ৰত আছিল। গোলাঘাট আৰক্ষীয়ে প্ৰায় এপষেক পূৰ্বে এই কেন্দ্ৰটোত থৈ যোৱা ৰাহিনা বেগম শনিবাৰে পুৱতিনিশা কেন্দ্ৰটোৰ পৰা পলাই গৈছিল বুলি জানিবলৈ দিছে উক্ত কেন্দ্ৰটোৰ কৰ্তৃপক্ষই।

কিন্তু ৰাহিনা বেগম নামৰ প্ৰায় ৩২ বছৰ বয়সৰ এই মহিলাগৰাকী যোৰহাটৰ ৰজাবাৰীত ৰে’লপথৰ কাষত শৰীৰত বহুত আঘাত লৈ উলংগ অৱস্থাত কেনেদৰে পৰি ৰ’ল তাক লৈ বৰ্তমান ৰহস্যৰ সৃষ্টি হৈছে। মানসিকভাৱে অসুস্থ মহিলাগৰাকী কেনেদৰে উলংগ হ’বলৈ পালে বা গুৰুতৰভাৱে কেনেদৰে আহত হ’ল সেই সন্দৰ্ভতো কোনো স্পষ্ট কাৰণ পোহৰলৈ অহা নাই। কিন্তু যিটো প্ৰশ্নই সকলোকে জোকাৰি গৈছে সেইটো হ’ল যে এগৰাকী আহত মহিলা উলংগ অৱস্থাত পথৰ কাষত পৰি থকাৰ খবৰ পুৱা ছয় বজাতে দিয়াৰ পিছতো 108 কৰ্তৃপক্ষই বিষয়টোত কিয় গুৰুত্ব নিদিলে আৰু যোৰহাট আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে পুৱা প্ৰায় দহ বজালৈকে গমেই নোপোৱাৰ কাৰণ কি!
Published by:Sanjay Kumar Das
First published: