বজাৰত নাই নিয়ন্ত্ৰণ! হোৰা হোৰে বাঢ়িছে পাচলিৰ দাম, যোৰহাটত চেঞ্চুৰি কোবালে বিলাহীয়ে

News18 Assam | News18-Assam
Updated:July 9, 2020, 7:45 PM IST
বজাৰত নাই নিয়ন্ত্ৰণ! হোৰা হোৰে বাঢ়িছে পাচলিৰ দাম, যোৰহাটত চেঞ্চুৰি কোবালে বিলাহীয়ে
৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা ১৫ জুলাইলৈকে যোৰহাটৰ নগৰ অঞ্চলত বলৱৎ হ’ব সম্পূৰ্ণ ল’ক ডাউন

৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা ১৫ জুলাইলৈকে যোৰহাটৰ নগৰ অঞ্চলত বলৱৎ হ’ব সম্পূৰ্ণ ল’ক ডাউন

  • Share this:
৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা ১৫ জুলাইলৈকে যোৰহাটৰ নগৰ অঞ্চলত বলৱৎ হ’ব সম্পূৰ্ণ ল’ক ডাউন। ল’ক ডাউনৰ পূৰ্বে গুৱাহাটীৰ দৰে যোৰহাটৰ বজাৰতো দেখা গ’ল ভীষণ ভিৰ। কিন্তু পাচলি বজাৰত মূল্য শুনি হতবাক হ’ল জনসাধাৰণ। মাত্ৰ ৬ দিনৰ ল’ক ডাউনৰ বাবে বজাৰ কৰিবলৈ ওলাই আহিল অগণন লোক।

যেন কোৰোণা ভাইৰাছতকৈয়ো পাচলিৰ দাম শুনিহে অধিক ভয় খাইছে জনসাধাৰণে। বৃহস্পতিবাৰে যোৰহাটৰ বজাৰত পাচলিৰ মূল্য এনে ধৰণৰঃ


  • বিলাহী কেজিত- ৮০ৰ পৰা ১০০ টকা

  • ভাতকেৰেলা- ৭০ৰ পৰা ৮০ টকা ,

  • পটল- ৫০-৬০ টকা

  • জিকা- ৪০-৫০ টকা


  • কুন্দুলী- ৩০ টকা

  • ভেন্দী- ৪০ টকা 

  • অমিতা- ৮০ টকা

  • তিঁয়হ- ৩০ টকা

  • বন্ধাকবি- ২৫-৩০ টকা 

  • ভোল- ৫০ টকা

  • ৰঙালাও-৩০ টকা

  • বেঙেনা- ৪০টকা 


পাচলিৰ এই নিয়ন্ত্ৰণহীন আকাশলংঘী মূল্যই সাধাৰণ ব্যৱসায়ীসকলকো আচৰিত কৰি তুলিছে । '‘আমি সাধাৰণ লোকসকলক পাচলিৰ মূল্য কবলৈকে বেয়া পাইছো। কেনেকৈ কওঁ ভাতকেৰেলাৰ মূল্য প্ৰতি কেজিত ৮০ টকা বুলি। দাম শুনি গ্ৰাহক থমকি ৰৈছে। ", যোৰহাটৰ পাচলি বজাৰৰ এজন ব্যৱসায়ীয়ে নিউজ18 ক এনেদৰে কয় ।

নিৰুদ্দেশ হৈ থকা যোগান মন্ত্ৰীগৰাকীক এবাৰ বজাৰলৈ ওলাই আহি তেওঁ ভাবি থকা মূল্যৰ সৈতে বজাৰৰ মূল্যৰ কিমান পাৰ্থক্য সেয়া তুলনা কৰি চাবলৈ আহ্বান জনাইছে কেইবাগৰাকী গ্ৰাহকে। কাৰণ ল’কডাউন নামতে বজাৰত এনে বহু সামগ্ৰীৰ মূল্য ২০-৫০ টকা পৰ্যন্ত বৃদ্ধি পাইছে ।
Published by: Himangshu Bhuyan
First published: July 9, 2020, 7:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি