যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় চৰকাৰী বন্ধৰ দিনসমূহৰ লগতে দেওবাৰৰ দিনটোতো খোলা ৰাখি অব্যাহত ৰাখিছে ৰাজহ সংগ্ৰহ অভিযান। আনহাতে এক নতুন ৰূপত সজাই তোলা হৈছে যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদটো। ইতিমধ্যে যোৰহাট জিলাত ৩২ কোটি ২৩ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে জিলা পৰিবহণ বিভাগে। ২০২১-২২ বৰ্ষত চৰকাৰে যোৰহাট জিলাৰ পৰিবহণ বিভাগৰ বাবে ৰাজহ সংগ্ৰহৰ লক্ষ্য বান্ধি দিছিল ৪৩ কোটি টকা ।
কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকলে মাহটোৰ ৩০ টা দিনেই অব্যাহত ৰাখিছে কৰ সংগ্ৰহ অভিযান। যোৰহাটত বিগত কেইমাহত কৰ ফাঁকি দি অহা যান-বাহনসমূহৰ বিৰুদ্ধে চলিছিল ব্যাপক অভিযান। এই অভিযানত ধৰা পৰিছিল অএনজিচিৰ দৰে প্ৰতিষ্ঠানৰ অধীনত চলাচল কৰা বহু গাড়ীয়ে লাখ লাখ টকাৰ কৰ ফাঁকি দি অহাৰ তথ্য।২০২১-২২ বৰ্ষত যোৰহাট জিলাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৪৩ কোটি টকাৰ কৰ সংগ্ৰহৰ লক্ষ্যৰ ৭৪.৯৫ শতাংশ কৰ ইতিমধ্যে যোৰহাটত সংগ্ৰহ কৰা হৈছে বুলি জানিবলৈ দিছে যোৰহাটৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে। ২৯ জানুৱাৰী পৰ্যন্ত যোৰহাট জিলাত পৰিবহণ বিভাগে ৩২ কোটি ২৩ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে ।
জিলাখনত পৰিশোধ কৰিবলৈ বাকী থকা পৰিবহণ কৰসমূহ শীঘ্ৰে পৰিশোধ কৰিবলৈ যান-বাহনসমূহৰ গৰাকীসকলক আহ্বান জনাইছে পৰিবহণ বিভাগৰ কৰ্তৃপক্ষই। আনহাতে এনফৰ্চমেণ্ট শাখাৰ অভিযানৰ জৰিয়তে বহু পৰিমাণৰ ৰাজহ সংগ্ৰহ হৈছে জিলাখনত । ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত প্ৰায় ১১ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 31, 2022, 21:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।