• Home
  • »
  • News
  • »
  • assam
  • »
  • 'মই মৰি থাকিলে তুমি কষ্ট পাবা! নাকান্দিবা, বলা একেলগে যাওগৈ'- পাৰিবাৰিক কন্দলত অতিষ্ঠ হৈ কণমানি জীয়ৰীৰ সৈতে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিলে এগৰাকী মহিলাই,  নিমিষতে হেৰাই থাকিল কণমানিজনী...

'মই মৰি থাকিলে তুমি কষ্ট পাবা! নাকান্দিবা, বলা একেলগে যাওগৈ'- পাৰিবাৰিক কন্দলত অতিষ্ঠ হৈ কণমানি জীয়ৰীৰ সৈতে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিলে এগৰাকী মহিলাই,  নিমিষতে হেৰাই থাকিল কণমানিজনী...

যোৰহাটৰ নিমাতিঘাটত দেওবাৰে বিয়লি ব্ৰহ্মপুত্ৰত সংঘটিত হয় এই অঘটন I নিজ কন্যাসহ এগৰাকী মহিলাই জাপ দিয়ে ব্ৰহ্মপুত্ৰত

যোৰহাটৰ নিমাতিঘাটত দেওবাৰে বিয়লি ব্ৰহ্মপুত্ৰত সংঘটিত হয় এই অঘটন I নিজ কন্যাসহ এগৰাকী মহিলাই জাপ দিয়ে ব্ৰহ্মপুত্ৰত

যোৰহাটৰ নিমাতিঘাটত দেওবাৰে বিয়লি ব্ৰহ্মপুত্ৰত সংঘটিত হয় এই অঘটন I নিজ কন্যাসহ এগৰাকী মহিলাই জাপ দিয়ে ব্ৰহ্মপুত্ৰত

  • Share this:
আঠ বছৰীয়া কণমানি সন্তানক লগতলৈ  ব্ৰহ্মপুত্ৰত জাপ দিলে এগৰাকী মাতৃয়ে ! স্থানীয় লোকৰ তৎপৰতাত মাতৃগৰাকীক উদ্ধাৰ কৰা হয় যদিও কণমানি সন্তানটি সন্ধানহীন হৈ আছে ব্ৰহ্মপুত্ৰত। এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ নিমাতিঘাটত।

যোৰহাটৰ নিমাতিঘাটত দেওবাৰে বিয়লি ব্ৰহ্মপুত্ৰত সংঘটিত হয় এই অঘটন I নিজ কন্যাসহ এগৰাকী মহিলাই জাপ দিয়ে ব্ৰহ্মপুত্ৰত। স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ কৰে মহিলাগৰাকীক। কিন্তু এতিয়াও  সন্ধানহীন হৈ আছে আঠ বছৰীয়া শিশুটি। শিশুটিক উদ্ধাৰৰ বাবে নিশা পৰ্যন্ত ডুবাৰুৱে অভিযান চলাই আছে। কিন্তু কিয় মাতৃ-কন্যাই জাপ দিব লগা হ'ল ভৰা ব্ৰহ্মপুত্ৰত? মাতৃৰ ভাষ্য শুনিলে চকু সেমেকি উঠিব আপোনাৰ। পাৰিবাৰিক সংঘাতৰ পৰিণতিত জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলোৱা দুৰ্ভগীয়া মাতৃগৰাকীয়ে একেলগে মৃত্যুক আঁকোৱালি ল'বলৈ আহ্বান জনাইছিল কণমানি শিশুটিক। মাতৃৰ এই আহ্বানৰ প্ৰতি কি উত্তৰ দিব ভাবি পোৱা নাছিল জীৱন কি বুজি নোপোৱা কণমানি শিশুটিয়ে। আৰু তেতিয়াই সংঘটিত হয় এই অঘটন। কণমানিটিক লগত লৈ ব্ৰহ্মপুত্ৰৰ মাজলৈ নামি যায় জুনমনি বাৰিক। আৰু তাৰ পিছতে সংজ্ঞাহীন হৈ পৰা মহিলাগৰাকীক তৎপৰতাৰে উদ্ধাৰ কৰে সমীপতে থকা দুজনমান যুৱকে। কিন্তু সন্ধান পোৱা নগ'ল কণমানি শিশুটিৰ ।

"মোৰ জীৱনটোত বহুত অশান্তি । সেয়েহে জীয়াই নাথাকো বুলি ওলাই আহিছিলো। কণমানিজনীয়ে মোক শুধিছিল কলৈ যোৱা বুলি । মই তাইক কৈছিলো মই নাথাকিলে তুমি কষ্ট পাবা। তাই তেতিয়া কান্দিছিল। মই তেতিয়া তাইক কৈছিলো, তুমি পাপাৰ লগত থাকিবা ! তাই তেতিয়াও কান্দি আছিল। তাৰ পিছতে মই তাইক হাতত ধৰি আগবাঢ়ি গৈছিলো। মোক কোনে টানি আনিলে গম নাপাও। কিন্তু মোৰ সলনি কণমানিজনীকহে উদ্ধাৰ কৰিব লাগিছিল।"-উদ্ধাৰ হোৱা মহিলাগৰাকীয়ে এনেদৰে কয় ।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা মহিলাগৰাকীক চিকিৎসাৰ বাবে জেএমচিএইছত ভৰ্ত্তি কৰা হৈছে । এই ঘটনাই বহু লোকক মৰ্মাহত কৰাৰ লগতে ভবাই তুলিছে ! পাৰিবাৰিক কন্দলৰ পৰিণতিত পখিলা খেদি ফুৰা বয়সত ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা এই কণমানিটোৰ দোষ কি আছিল !
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি