কোৰোণা নে অন্য ৰোগ? টিভি চাই থাকোতে হঠাত্ মৃত্যুক সাৱটিলে যোৰহাটৰ কণ্টেইনমেণ্ট হোমত থকা যুৱকে!

কোৰোণা ভাইৰাছে যোৰহাটতো লৈছে তীব্ৰ ৰূপ। তাৰ মাজতে দেওবাৰে যোৰহাটৰ ২ নং সোণাৰী গাঁৱত দুপৰীয়া সংঘটিত হোৱা এক ঘটনাই হতবাক কৰি তুলিছে সকলোকে।
কোৰোণা ভাইৰাছে যোৰহাটতো লৈছে তীব্ৰ ৰূপ। তাৰ মাজতে দেওবাৰে যোৰহাটৰ ২ নং সোণাৰী গাঁৱত দুপৰীয়া সংঘটিত হোৱা এক ঘটনাই হতবাক কৰি তুলিছে সকলোকে।
- News18 Assam
- Last Updated: July 19, 2020, 4:55 PM IST
প্ৰশাসনে কণ্টেইনমেণ্ট হোম ৰূপে ঘোষণা কৰা জিতু চুতীয়া নামৰ লোকজনৰ তিনি মহলীয়া ঘৰটোৰ এটা অংশত ভাড়াতীয়া হিচাপে থকা যোগেশ হালৈ নামৰ যুৱকজনক দেওবাৰে দুপৰীয়া বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। মৃত যোগেশ ‘চোহম শ্বপি’ নামৰ শ্বপিং মলটোৰ কৰ্মচাৰী। উল্লেখ্য যে, এই ভৱনটোতে ভাড়াতীয়া হিচাপে থকা চায়েৰা নামৰ এগৰাকী নাৰ্ছৰ শৰীৰত যোৱা ১৪ জুলাইত ধৰা পৰিছিল কোৰোণা ভাইৰাছ। তাৰ পিছতে ঘৰটো কণ্টেইনমেণ্ট হোম ঘোষণা কৰা হৈছিল।
কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পত্নী আৰু সন্তানক ঘৰলৈ পঠিয়াই যোগেশ ভাড়াঘৰত অকলশৰে আছিল। ওচৰ চুবুৰীয়াই জানিবলৈ দিয়া মতে, স্বাস্থ্যৰ অৱস্থা সুস্থিৰ থকা যোগেশে দেওবাৰে পুৱা ফোনত চুবুৰীয়াৰ সৈতে কথাও পাতিছিল। এতিয়া টিভি চাই থকা অৱস্থাতে হঠাৎ যোগেশৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। যোগেশৰ কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল। পত্নীয়ে বাৰাম্বাৰ ফোন কৰি থাকি কোনো সঁহাৰি নোপোৱাৰ পিছত ভাড়াঘৰৰ গৰাকীৰ জৰিয়তে পোহৰলৈ আহে যোগেশ বিছনাত মৃত আৱস্থাত পৰি থকাৰ কথা।
"যোগেশৰ সৈতে মই যোৱা ১২ বছৰ ধৰি একেলগে কাম কৰিছো। যোগেশ সুস্থ আছিল আৰু কোনো সমস্যাৰ বিষয়ে আমাক কোৱাও নাছিল। জ্বৰ, কাঁহ বা তেনে কোনো বেমাৰ হোৱা নাছিল। আমি সদাই কথা পাতিছিলো। কণ্টেইনমেণ্ট হোমত থাকিব লগীয়া হোৱাৰ বাবে কিবা বস্তুৰ প্ৰয়োজন হলে ক’বলৈ কৈছিলো। অৱশ্যে শেহতীয়া পৰিস্থিতিৰ বাবে যোগেশ কিছু পৰিমাণে চিন্তাত আছিল। যোগেশৰ মৃত্যুৱে আমাক মৰ্মাহত কৰাৰ লগতে ভবাই তুলিছে।", যোগেশৰ সহকৰ্মী পিংকু গোস্বামীয়ে নিউজ18ক এনেদৰে কয় ।