অসমীয়া ছাত্ৰৰ চমক, যোৰহাটৰ চাৰি মেধাৱী ছাত্ৰই সাজি উলিয়ালে স্মাৰ্ট ছেনিটাইজাৰ ডিভাইচ

উচ্চ মানসম্পন্ন এই ডিভাইচে সামাজিক ব্যৱধানৰ ক্ষেত্ৰতো সহায় কৰিব।
উচ্চ মানসম্পন্ন এই ডিভাইচে সামাজিক ব্যৱধানৰ ক্ষেত্ৰতো সহায় কৰিব।
- News18 Assam
- Last Updated: September 13, 2020, 5:05 PM IST
এই সন্দৰ্ভত হিৰকজ্যোতি বণিয়া নামৰ ছাত্ৰজনে অৱগত কৰা অনুসৰি, এই ডিভাইচ তৈয়াৰ কৰোতে তেওঁলোকক তিনিমাহ সময়ৰ প্ৰয়োজন হ'ল। সম্পূৰ্ণ উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই ডিভাইচ আৰু পোন্ধৰ দিনৰ পিছত বজাৰত উপলব্ধ হ’ব। ব্যৱহাৰকাৰীয়ে উক্ত ডিভাইচ ঘৰৰ প্ৰৱেশদ্বাৰত ৰাখিব পৰিব আৰু কোনো এজন ব্যক্তি ভিতৰলৈ সোমাই যাওঁতেই ছেনিটাইজিঙৰ সংকেত দিব।
উচ্চ মানসম্পন্ন এই ডিভাইচে সামাজিক ব্যৱধানৰ ক্ষেত্ৰতো সহায় কৰিব। ছাত্ৰকেইজনে জনোৱা মতে, এই ডিভাইচৰ বজাৰ মুল্য প্ৰায় তিনিহাজাৰ টকা হ’ব। সম্প্ৰতি ৰাইজৰ সুবিধা হোৱাকৈ বজাৰত মুকলি কৰাৰ লক্ষ্যৰে যাৱতীয় ব্যৱস্থাও হাতত লৈছে।
যিটো সময়ত চীনা সামগ্ৰী অথবা চীনা প্ৰযুক্তি ব্যৱহাৰৰ বিৰুদ্ধে চৰকাৰেও একপ্ৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সময়ত এইসকল অসমীয়া ছাত্ৰৰ এনে প্ৰয়াস স্বভাৱিকেই যোগাত্মক বুলি বিভিন্নজনে মত পোষণ কৰিছে। একেদৰে MADE IN INDIA হিচাপে বজাৰলৈ অহাৰ অপেক্ষাত থকা " নীত" ৰাইজে আদৰি ল’ব বুলি তেওঁলোক যথেষ্ট আশাবাদী।