ৰাজ্যৰ শিক্ষানুষ্ঠানত আসনৰ অভাৱ, নামভৰ্তিৰ সুবিধা বিচাৰি ৰাজপথত নামিল ছাত্ৰ-ছাত্ৰী

News18 Assam | News18-Assam
Updated:August 12, 2020, 2:15 PM IST
ৰাজ্যৰ শিক্ষানুষ্ঠানত আসনৰ অভাৱ, নামভৰ্তিৰ সুবিধা বিচাৰি ৰাজপথত নামিল ছাত্ৰ-ছাত্ৰী
ৰাজ্যৰ শিক্ষা খণ্ডত এইবাৰ দেখা দিছে এক নতুন সমস্যাই। চাকৰিৰ বাবে নহয় , এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন কৰিব লগা হৈছে শিক্ষানুষ্ঠানত শিক্ষা লাভৰ বাবে।

ৰাজ্যৰ শিক্ষা খণ্ডত এইবাৰ দেখা দিছে এক নতুন সমস্যাই। চাকৰিৰ বাবে নহয় , এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন কৰিব লগা হৈছে শিক্ষানুষ্ঠানত শিক্ষা লাভৰ বাবে।

  • Share this:
ৰাজ্যৰ শিক্ষা খণ্ডত এইবাৰ দেখা দিছে এক নতুন সমস্যাই। চাকৰিৰ বাবে নহয় , এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন কৰিব লগা হৈছে শিক্ষানুষ্ঠানত শিক্ষা লাভৰ বাবে। কাৰণ উচ্চতৰ মাধ্যমিক শ্ৰেণীত আসনৰ অভাৱ ঘটিছে মহাবিদ্যালয়সমূহত।

যোৰহাটত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিবলৈ গৈ বিমুখ হৈ বৰ্তমান শংকিত হৈ পৰিছে বহু ছাত্ৰ ছাত্ৰী। পূৱ যোৰহাট অঞ্চলৰ দুখন অন্যতম মহাবিদ্যালয় ক্ৰমে বাহনা মহাবিদ্যালয় আৰু যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ কেইবাশ ছাত্ৰ ছাত্ৰীয়ে আবেদন জনাইছিল যদিও মাত্ৰ ডেৰশ জনকৈ ছাত্ৰ ছাত্ৰীকহে নামভৰ্ত্তি কৰিবলৈ দিয়া হ’ল। আসনৰ অভাৱত নামভৰ্তিৰ পৰা বঞ্চিত হোৱা এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ বৰ্তমান সৰৱ হৈ পৰিছে আছু। এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰাৰ দাবীত যোৰহাটত আছুৱে মঙলবাৰে মানৱ শৃংখল তৈয়াৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আছুৱে শীঘ্ৰে শিক্ষানুষ্ঠানসমূহত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী জনাইছে ।

"পূব যোৰহাটৰ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অন্যতম শিক্ষানুষ্ঠান দুখন হ’ল বাহনা মহাবিদ্যালয় আৰু যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় । কিন্তু এইবাৰ দুয়োখন মহাবিদ্যালয়তে উচ্চতৰ মাধ্যমিক শ্ৰেণীত আসন লাভ নকৰিলে বহু ছাত্ৰ ছাত্ৰীয়ে । এইসকল ছাত্ৰ ছাত্ৰীয়ে কত অধ্যয়ণ কৰিব। ", পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিতোপন বৰাই এনেদৰে কয় ।

এই সন্দৰ্ভত আছুৰ নেতাগৰাকীয়ে আৰু জানিবলৈ দিয়ে যে, যোৱা 2৭ জুলাইত যোৰহাটৰ উপায়ুক্তৰ জৰিয়তে শিক্ষামন্ত্ৰীলৈ সমগ্ৰ বিষয়টো অৱগত কৰি আছুৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। মহাবিদ্যালয়সমূহত আন্ত:গাঠনি নিৰ্মাণৰ জৰিয়তে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শাখাৰ সংখ্যা বৃদ্ধি কৰি এই সমস্যা সমাধান কৰিবলৈ আছুৱে চৰকাৰক আহ্বান জনাইছে । আনহাতে আগন্তুক দহ দিনৰ ভিতৰত এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আছুৱে পুনৰ ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।
Published by: Himangshu Bhuyan
First published: August 12, 2020, 2:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি