মণিৰাম দেৱান , বীৰ লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰকলৈ কৰা হৈছে বিশেষ পৰিকল্পনা । হীৰুদাই জন্মগ্ৰহণ কৰা ঘৰটোক গঢ় দিয়া হব পুথিভঁৰাল ৰূপে ।
মণিৰাম দেৱান , বীৰ লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰকলৈ কৰা হৈছে বিশেষ পৰিকল্পনা । হীৰুদাই জন্মগ্ৰহণ কৰা ঘৰটোক গঢ় দিয়া হব পুথিভঁৰাল ৰূপে ।
আহোমৰ শেষ ৰাজধানী যোৰহাটৰ চুকে কোনে সোমাই থকা ঐতিহাসিক সমলবোৰৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শুক্ৰবাৰে যোৰহাটৰ চিনামৰা চাহ বাগিচাত থকা মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি অচিৰেই এই অঞ্চলটোত ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰা এক বিশেষ প্ৰকল্পৰ আভাষ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে যোৰহাটৰ হোলোঙাপাৰ স্থিত লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কোটি টকা প্ৰদান কৰে ।
শুক্ৰবাৰে বিয়লি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু মন্ত্ৰী ৰণোজ পেগুক লগত লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চিনামৰা বাগিচাত থকা মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি অঞ্চলটোৰ বুজ লয় । মুখ্যমন্ত্ৰীগৰাকীয়ে মণিৰাম দেৱানৰ স্মৃতিসমূহ আৰু সমাধি যুগমীয়া কৰি ৰাখিবলৈ এই অঞ্চলটো এটি ঐতিহ্যমণ্ডিত ক্ষেত্ৰলৈ পৰিণত কৰিবলৈ বিশেষ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে । অচিৰেই সমাধিক্ষেত্ৰৰ সমীপত গড়আলিৰ কাষত মণিৰাম দেৱানৰ এটি বৃহৎ পূৰ্ণাংগ মূৰ্তি স্থাপন কৰা হ'ব । আনহাতে বীৰ লাচিত বৰফুকনৰ যোৰহাটৰ হোলোঙাপাৰ স্থিত সমাধিক্ষেত্ৰৰ কাষত আৰু পঞ্চাশ বিঘা মাটি লৈ বীৰজনাৰ স্মৃতিত উক্ত সমাধিক্ষেত্ৰখন আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ এক প্ৰকল্প হাতত ল'বলৈ ইচ্ছুক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । শুক্ৰবাৰে পূৰ্বে কৰি যোৱা ঘোষণা অনুসৰি বীৰ লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কোটি টকাৰ চেক প্ৰদান কৰে সংশ্লিষ্ট কৰ্তৃপক্ষক ।
আনহাতে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ চৌহদত নিৰ্মাণ কৰিব লগা বিশেষ উদ্যান প্ৰকল্পৰ লগতে ইয়াৰ সমীপতে থকা কাৰাগাৰখনৰ কোৱাৰ্টাৰটোকো বিশেষ ৰূপ দিয়া হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । হীৰুদাই জন্মগ্ৰহণ কৰাৰ পিছত বহু সময় পাৰ কৰা কাৰাগাৰৰ সমীপৰ বাসগৃহটো বিশিষ্ট কবিগৰাকীৰ স্মৃতিত এটি কিতাপ পঢ়িব পৰা পুথিভঁৰাল ৰূপে গঢ় দিয়াৰ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে হীৰুদাৰ স্মৃতি যুগমীয়া কৰি ৰাখিব পৰাকৈ উক্ত বাসগৃহটোৰ চৌহদত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । হীৰুদাৰ স্মৃতিক্ষেত্ৰ আৰু যোৰহাট কাৰাগাৰ চৌহদত নিৰ্মাণ হব লগা অমৃত উদ্যানৰ মাজত এটা ৰটাৰি নিৰ্মাণ কৰা হব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।
এনেদৰেই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ ঐতিহাসিক ক্ষেত্ৰসমূহক বিশেষ ৰূপ দি এইসমূহ যুগমীয়া কৰি ৰখাৰ এলানি প্ৰকল্প হাতত লৈছে । এই পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ বাবে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|