দেহ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগঃ যোৰহাটত নাৰী সংগঠনৰ ৬ গৰাকী মহিলাক গ্ৰেপ্তাৰ

যোৰহাটৰ গ্ৰাম্যাঞ্চলৰ এটা ভাড়াঘৰত চলি থকা নাৰীদেহ ব্যৱসায়ৰ ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।
যোৰহাটৰ গ্ৰাম্যাঞ্চলৰ এটা ভাড়াঘৰত চলি থকা নাৰীদেহ ব্যৱসায়ৰ ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।
- News18 Assam
- Last Updated: February 10, 2021, 8:43 PM IST
যোৰহাট আৰক্ষীয়ে যোৰহাটত শিপাই থকা বৃহৎ নাৰীদেহ ব্যৱসায় চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে নগালেণ্ডৰ মুককচাং জিলাত আত্মগোপন কৰি থকা অৱস্থাত এই ঘটনাৰ অন্যতম অভিযুক্ত ৰিম্পী দাস আৰু পল্লৱ জ্যোতি সন্দিকৈক কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল।
এই বৃহৎ দেহ ব্যৱসায় চক্ৰৰ সৈতে সাঙোৰ খাই পৰিছিল মহিলা সংগঠনৰ বিষয়ববীয়াৰ নাম। কাৰণ এই চক্ৰৰ অন্যতম অভিযুক্ত পল্লৱ জ্যোতি সন্দিকৈয়ে তেওঁলোকৰ এই অবৈধ ব্যৱসায় চলাই যাবৰ বাবে ধন দাবী কৰি একাংশ মহিলা সংগঠনৰ সদস্যই প্ৰৰোচিত কৰাৰ গুৰুতৰ অভিযোগ তুলিছিল। যোৰহাটৰ বহতীয়াগাঁৱত উৎখাত কৰা বৃহৎ নাৰীদেহ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত শেহতীয়াকৈ যোৰহাটৰ এটা নাৰী সংগঠনৰ ৬গৰাকী বিষয়ববীয়া আৰু সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰা নাৰী সংগঠনৰ ৬গৰাকী মহিলাক বুধবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আনহাতে এই দেহ ব্যৱসায়ী চক্ৰৰ অন্যতম অভিযুক্ত ৰিম্পী দাসৰ পৰা নাৰী সংগঠনৰ হৈ ধন লোৱাৰ কথা স্বীকাৰ কৰিছে নাৰী সংগঠনৰ এগৰাকী সদস্যই ।
" কেইমাহমান পূৰ্বে চোলাধৰাত একাংশ কম বয়সীয়া ছোৱালীক লৈ ৰিম্পী দাসে দেহ ব্যৱসায় চলাই থকা আমি ধৰিছিলো। সেই সময়ত ৰিম্পী দাসে এনে কাম ভৱিষ্যতে নকৰো বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল আৰু আমাক ২০ হাজাৰ টকা দিছিল। টকাখিনি আমাৰ গাড়ী ভাড়া হিচাপে আমি তেতিয়া লৈছিলো।", ধৃত নাৰী সংগঠনটোৰ এগৰাকী সদস্যাই এনেদৰে জানিবলৈ দিয়ে ।
এই ঘটনা সন্দৰ্ভত আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। বহতীয়া গাঁৱৰ এই ভাড়াঘৰটোৰ পৰা দেহ ব্যৱসায়ৰ সমান্তৰালকৈ হনিট্ৰেপিং আৰু ব্লেকমেইলিং চলাৰ তথ্যও লাভ কৰিছিল আৰক্ষীয়ে। ভাড়াঘৰটোত থকা কিশোৰী-যুৱতীসকলৰ কাষলৈ অহা একাংশ লোকৰ গোপন দৃশ্য কৌশলেৰে কেমেৰাত বন্দী কৰি পিছত তেওঁলোকক ব্লেকমেইলিং কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে এই সন্দৰ্ভত অভিযুক্তৰ ঘৰৰ পৰা ইতিমধ্যে এটা লেপটপ জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।