ভয়ংকৰ দুৰ্ঘটনা! পথৰ কাষত বহা বজাৰ মহতিয়াই নিলে গ্ৰেণ্ড i10-এ, গুৰুতৰ ভাবে আহত ৮ জন

পথৰ কাষত বহা অস্থায়ী বজাৰৰ পৰা কেনে ধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত হব পাৰে সেয়া দেখিবলৈ পোৱা গ’ল যোৰহাটৰ বৰহোলাত।
পথৰ কাষত বহা অস্থায়ী বজাৰৰ পৰা কেনে ধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত হব পাৰে সেয়া দেখিবলৈ পোৱা গ’ল যোৰহাটৰ বৰহোলাত।
- News18 Assam
- Last Updated: December 2, 2020, 11:17 AM IST
উল্লেখ্য যে, বৰহোলা তিনিআলিত পথৰ কাষত বহা এই অস্থায়ী বজাৰখনৰ পৰা প্ৰায়ে যানজঁটৰ সৃষ্টি হৈ অহাত বজাৰখন দেওবৰীয়া বজাৰ বহা স্থানলৈ স্থানান্তৰ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনোৱা হৈছিল বুলি জানিবলৈ দিছে একাংশ স্থানীয় লোকে। আনহাতে বৰহোলা মহাবিদ্যালয়লৈ যোৱা পথটোৰ কাষটো অনুৰূপ বজাৰ বহাত যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধা হৈ অহা বুলি জানিবলৈ দিছে বৰহোলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে। এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি পথৰ কাষত বহা বজাৰসমূহ উচ্ছেদ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে বৰহোলা এজেৱাইচিপিয়ে।
ঠিক একেদৰে অনুৰূপ সমস্যাই দেখা দি আহিছে যোৰহাট নগৰটো। নগৰখনৰ প্ৰায়বোৰ পথেই বহু কোটি টকা ব্যয় কৰি বহলকৈ পুনৰ ৰ্নিৰ্মাণ কৰা হৈছে। কিন্তু এই বহল কৰি তোলা পথৰ সুবিধা কিন্তু জনসাধাৰণে লাভ কৰা নাই। কাৰণ বহলকৈ নিৰ্মাণ কৰা পথসমূহৰ কাষত একাংশ অস্থায়ী ব্যৱসায়ী বহি একোখন বজাৰৰ সৃষ্টি কৰাত পথটো পুনৰ ঠেক হৈ পৰিছে। ফলত বৰহোলাৰ দৰে ঘটনা যোৰহাটতো সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে যোৰহাটবাসী ৰাইজকো সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।