মুখ্যপৃষ্ঠা »খবৰ »অসম »লম্পট ভাড়াঘৰৰ মালিক! ভাড়াতীয়া যুৱতীক বলাৎকাৰ কৰি গোপনে কৰিবলৈ বিচাৰিছিল গৰ্ভপাত! ঘটনা ফাদিল হৈ পৰাৰ পিছত অভিযুক্তৰ আত্মহত্যাৰ চেষ্টা

লম্পট ভাড়াঘৰৰ মালিক! ভাড়াতীয়া যুৱতীক বলাৎকাৰ কৰি গোপনে কৰিবলৈ বিচাৰিছিল গৰ্ভপাত! ঘটনা ফাদিল হৈ পৰাৰ পিছত অভিযুক্তৰ আত্মহত্যাৰ চেষ্টা

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰিতুল আলীক।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰিতুল আলীক।

  • Share this:
সভ্য সমাজক লজ্জানত কৰা এটি ঘটনাই জোঁকাৰি গৈছে যোৰহাট। এগৰাকী কিশোৰীক ভাড়াঘৰৰগৰাকীয়ে বলাৎকাৰ কৰাৰ পিছত অন্ত:সত্বা হয় আৰু তাৰ পিছতে কিশোৰীগৰাকীক গৰ্ভপাত কৰাবলৈ চেষ্টা কৰোতে গুৰুতৰভাবে স্বাস্থ্যৰ অৱনতি ঘটে কিশোৰীগৰাকীৰ। ইয়াৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

এই সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে। অৱশেষত পলাই থকা অভিযুক্তগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইতিমধ্যে অভিযুক্তগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

যোৰহাটত সংঘটিত হোৱা এই লজ্জাজনক ঘটনাই জোঁকাৰি গৈছে বহুতকে। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি অন্তঃসত্ত্বা কৰিলে পিতৃসম বয়সৰ এগৰাকী ৫৫ বছৰীয়া লম্পতে। অভিযুক্ত লোকজনৰ নাম ৰিতুল আলী। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি ৫ মাহৰ অন্তঃসত্ত্বা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰিতুল আলীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালটো ৰিতুল আলীৰ ঘৰত ভাড়াতীয়া ৰূপে বাস কৰি আহিছিল। কেইমাহমান পূৰ্বে ৰিতুল আলীয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

কিশোৰীগৰাকী অন্তঃসত্ত্বা বুলি জানিব পাৰি ৰিতুল আলীয়ে কিশোৰীগৰাকীক গৰ্ভপাত কৰাবলৈ এটা টেবেলেট খুৱাই দিয়াৰ অভিযোগ উঠিছে। আৰু ইয়াৰ পিছতে  কিশোৰীগৰাকীৰ তীব্ৰ ৰক্তক্ষৰণ হয় আৰু স্বাস্থ্যৰ অৱনতি ঘটাত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত  আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে খবৰ আহে অভিযুক্ত ৰিতুল আলীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ ।

ৰিতুল আলীয়ে বৃহস্পতিবাৰে হাতৰ শিৰা কাটি আৰু বিষাক্ত দ্ৰব্যপান কৰি আত্মহত্যাৰ চেষ্টা চলায় । ইয়াৰ পিছতে জেএমচিএইছত চিকিৎসাধীন হ'ব লগা হয় ৰিতুল আলী । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তগৰাকীক । এই ঘটনাই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

শেহতীয়া বাতৰি