অসমৰ কোন উপায়ুক্ত সাংবাদিকতাৰ সৈতে জড়িত? ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা সোঁৱৰিলে অতীতক

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু যোৰহাট প্ৰেছ ক্লাবৰ সহযোগত সোমবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু যোৰহাট প্ৰেছ ক্লাবৰ সহযোগত সোমবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
- News18 Assam
- Last Updated: November 16, 2020, 9:58 PM IST
বিশেষকৈ কোভিড19য়ে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ছোৱাত যোৰহাট জিলা প্ৰশাসন আৰু সাংবাদিকসকলে একেলগে পৰস্পৰৰ প্ৰতি সহযোগিতা আগবঢ়াই সেৱা আগবঢ়াইছিল। ফলত যোৰহাটত বহু সমস্যা সহজতে সমাধান হোৱাৰ লগতে কোনো ধৰণৰ জটিলতাৰ সৃষ্টি হোৱা নাছিল। সেই কথা আজিৰ অনুষ্ঠানত সকলোৱে স্বীকাৰ কৰে ।
অৱশ্যে ইয়াৰ অন্তৰালটো আছে এক বিশেষ কাৰণ। যোৰহাটৰ উপায়ুক্তগৰাকী প্ৰশাসনিক সেৱাত যোগদান কৰাৰ পূৰ্বে আছিল এগৰাকী সাংবাদিক । অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ মাছ কমিউনিকেছন আৰু জাৰ্নেলিজিম বিভাগৰ টপাৰ আছিল যোৰহাটৰ উপায়ুক্ত ৰশ্নী অপৰাঞ্জি কৰাটি। ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰাৰ পূৰ্বে তেওঁ কাম কৰিছিল 'দ্যা হিন্দু' বাতৰি কাকতত। গতিকে সাংবাদিকসকলৰ ওপৰত থকা কামৰ হেঁচা তথা বাতৰি সংগ্ৰহৰ পদ্ধতিসমূহৰ বিষয়ে উপায়ুক্তগৰাকী ভালদৰে জ্ঞাত বুলি জানিবলৈ দিয়ে।
উপায়ুক্তগৰাকীয়ে কোভিড19ৰ ভয়াৱহ সময়ছোৱাত যোৰহাটৰ সাংবাদিকসকল , বিশেষকৈ ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিকসকলৰ ভূমিকাৰ শলাগ লয়। এই সময়ছোৱাত যোৰহাটৰ জিলা প্ৰশাসনৰ বিষয়াসকলে কৰা কষ্ট তথা পৰিস্থিতি নিয়ন্ত্ৰণত তেওঁলোকৰ ভূমিকাৰ বিষয়েও স্বীকাৰ কৰে সাংবাদিকসকলে। এই অবিস্মৰণীয় মহাসংকটৰ সময়ছোৱাত সন্মুখীন হোৱা অভিজ্ঞতাসমূহ সকলোৰে মনত আজীৱন সজীৱ হৈ থাকিব বুলি মত ব্যক্ত কৰে।
যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি শাঙ্কব কৌশিক বৰুৱা আৰু সম্পাদক প্ৰদীপ বৰাই আঁত ধৰা অনুষ্ঠানটিত কেইবাগৰাকী সাংবাদিকে কবিতা পাঠ কৰি পৰিৱেশটো জীপাল কৰি তোলে।