உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অনিমেষ হত্যাকাণ্ডঃ ঘটনাৰ যিকোনো তথ্য প্ৰমাণ থাকিলে আৰক্ষীক জনাওক, যোৰহাট আৰক্ষীয়ে মুকলি কৰিলে ফোন নম্বৰ আৰু মেইল আইডি

    অনিমেষ হত্যাকাণ্ডঃ ঘটনাৰ যিকোনো তথ্য প্ৰমাণ থাকিলে আৰক্ষীক জনাওক, যোৰহাট আৰক্ষীয়ে মুকলি কৰিলে ফোন নম্বৰ আৰু মেইল আইডি

     আৰক্ষীয়ে মুকলি কৰিছে 94357-13910 নম্বৰৰ ৱাটছএপ নম্বৰ আৰু spofficejht2021@gmail.co ইমেইল আই ডি

    আৰক্ষীয়ে মুকলি কৰিছে 94357-13910 নম্বৰৰ ৱাটছএপ নম্বৰ আৰু spofficejht2021@gmail.co ইমেইল আই ডি

    আৰক্ষীয়ে মুকলি কৰিছে 94357-13910 নম্বৰৰ ৱাটছএপ নম্বৰ আৰু spofficejht2021@gmail.co ইমেইল আই ডি

    • Share this:
    যোৰহাট কাণ্ডৰ ওপৰত যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ১৪ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে মূল অভিযুক্ত ক'লালৰা ওৰফে নীৰজ দাসৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে । আৰক্ষীয়ে যোৰহাটবাসী ৰাইজক এই ঘটনা সন্দৰ্ভত এক বিশেষ গোহাৰি জনাইছে ।

    কোনো ব্যক্তিৰ লগত যদি উক্ত ঘটনাৰ যিকোনো ধৰণৰ সাক্ষ্য-প্ৰমাণ মজুত আছে তেন্তে সেইসকল ব্যক্তিক এই তথ্য-প্ৰমাণসমূহ আৰক্ষীক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে যোৰহাট আৰক্ষীয়ে। এনে তথ্যসমূহ আৰক্ষীলৈ 94357-13910 মোবাইল নম্বৰত ৱাটছএপ যোগে আৰু spofficejht2021@gmail.com ইমেইলত প্ৰেৰণ কৰিব পাৰিব। এই ঘটনা সন্দৰ্ভত তথ্য যোগান ধৰা লোকসকলৰ পৰিচয় গোপনে ৰখা হ'ব বুলি যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে জানিবলৈ দিছে। এই সন্দৰ্ভত কোনো তথ্য-প্ৰমাণ জনাবলৈ আৰক্ষী অধীক্ষক অথবা অতিৰিক্ত আৰক্ষী অধীক্ষকক কাৰ্যালয়ত সাক্ষাৎ কৰিও তথ্য-প্ৰমাণৰ যোগান ধৰিব পাৰে।

    ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে ডিএছপি খিতেশ্বৰ বনিয়াৰ নেতৃত্বত এই ঘটনাৰ তদন্তৰ বাবে এটা এছআইটি গঠন কৰা হৈছে। ঘটনাৰ এখন কঠোৰ অভিযোগনামা এমাহৰ ভিতৰত দাখিল কৰিবলৈ যোৰহাট আৰক্ষী ব্যস্ত হৈ পৰিছে ।
    Published by:Himangshu Bhuyan
    First published: