বিহুৰ দিনাই গৃহহীন লোকৰ কাষত যোৰহাট আৰক্ষী, নতুন পোছাক উপহাৰ দিয়াৰ লগতে খুৱালে এসাঁজ ভাত

News18 Assam | News18-Assam
Updated:April 15, 2020, 4:37 PM IST
বিহুৰ দিনাই গৃহহীন লোকৰ কাষত যোৰহাট আৰক্ষী, নতুন পোছাক উপহাৰ দিয়াৰ লগতে খুৱালে এসাঁজ ভাত
যোৰহাট আৰক্ষীৰ এই লোককেইজনৰ মহানুভৱতাৰ শলাগ লৈছে বিভিন্ন জনে

যোৰহাট আৰক্ষীৰ এই লোককেইজনৰ মহানুভৱতাৰ শলাগ লৈছে বিভিন্ন জনে

  • Share this:
এই সময় এতিয়া অত্যন্ত স্পৰ্শকাতৰ। সৰ্বত্ৰ কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কোৰোণাক প্ৰতিহত কৰিবলৈ দেশজুৰি বৃদ্ধি কৰা হৈছে ল’ক ডাউনৰ সময়সীমা। ল’ক ডাউনৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দিন হাজিৰা কৰা লোকসকল। বহুতে আনকি এতিয়া দুবেলা দুসাঁজ ভাতৰ বাবেও কৰিবলগীয়া হৈছে হাহাকাৰ।

এইবাৰ অসমীয়া হেঁপাহৰ ৰঙালী বিহুও গ্ৰাস কৰিলে কোৰোণা ভাইৰাছে। কোৰোণাৰ সন্ত্ৰাসৰ ফলত নাই বিহুৰ কোনো উচাহ। তাৰ মাজতে মানুহৰ বিহুৰ দিনা যোৰহাটৰ কেইজনমান আৰক্ষীৰ মহত্‍ প্ৰয়াস। ।



ল’ক ডাউনৰ সময়ত অসহায় হৈ পৰা পথৰ কাষত ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰি অহা একাংশ লোকক ব’হাগ বিহুৰ দিনটোত নতুন পোছাক উপহাৰ দিয়ে যোৰহাট আৰক্ষীৰ কনিষ্টবল কেশৱ গগৈ , উদয়প্ৰতাপ সিঙ আৰু সদৰ থানাৰ ভিদিপি সদস্য দেবজিতে।

বিহুত নতুন পোছাক উপহাৰ দিয়াই নহয় সুন্দৰকৈ এসাঁজ আহাৰৰো যোগান ধৰে এই লোকসকলক। প্ৰচাৰবিমুখ যোৰহাট আৰক্ষীৰ এই লোককেইজনৰ মহানুভৱতাৰ শলাগ লৈছে বিভিন্ন জনে ।
Published by: Himangshu Bhuyan
First published: April 15, 2020, 4:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি