তথ্য অনুসৰি, মৃত্যুৰ পূৰ্বে এক ছুইচাইড নোটযোগে লিপিবদ্ধ কৰি যায় আত্মহত্যাৰ কাৰণ, কিন্তু SPৰ ভাষ্য বেলেগ
তথ্য অনুসৰি, মৃত্যুৰ পূৰ্বে এক ছুইচাইড নোটযোগে লিপিবদ্ধ কৰি যায় আত্মহত্যাৰ কাৰণ, কিন্তু SPৰ ভাষ্য বেলেগ
মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত কৰ্মৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙীয়াই ছাৰ্ভিচ ৰিভলভাৰে মূৰত গুলীয়াইছিল নিজ কোৱাৰ্টাৰতে। চেলেংহাট আৰক্ষী চকীতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি খন্তেক জিৰণি ল'বৰ বাবে নিজ কোৱাৰ্টাৰলৈ আহিছিল বিষয়াজন।
নিজ কোঠাত সোমাই দৰ্জা খিৰিকী বন্ধ কৰাৰ পিছত আত্মহত্যা কৰে বিষয়াজনে। বহু সময় ফোন ৰিচিভ নকৰাত আৰক্ষী চকীৰ একাংশ আৰক্ষীয়ে দৰ্জা ভাঙি উদ্ধাৰ কৰে মৃতদেহটো (Jorhat Police Suicide Case)।
তথ্য অনুসৰি, মৃত্যুৰ পূৰ্বে এক ছুইচাইড নোটযোগে লিপিবদ্ধ কৰি যায় আত্মহত্যাৰ কাৰণ। কিন্তু যোৰহাটৰ এছ পিয়ে কোনো ছুইচাইড নোট আৰক্ষীয়ে উদ্ধাৰ কৰা নাই বুলি জানিবলৈ দিয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|