உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হত্যা নে স্ব-ইচ্ছাই মৃত্যু? যোৰহাটত ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহক লৈ ৰহস্য

    হত্যা নে স্ব-ইচ্ছাই মৃত্যু? যোৰহাটত ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহক লৈ ৰহস্য

    অৱশ্যে মৰণোত্তৰ সম্পন্ন হোৱাৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

    অৱশ্যে মৰণোত্তৰ সম্পন্ন হোৱাৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

    অৱশ্যে মৰণোত্তৰ সম্পন্ন হোৱাৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

    • Share this:
    যোৰহাটৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত মেলেং চাৰিআলি সমীপত এটি পৰিয়ালৰ বাসগৃহত চিপ লোৱা অৱস্থাত এগৰাকী বনকৰা যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ সুত্ৰৰ পৰা জানিবলৈ দিয়া অনুসৰি মঙলবাৰে সন্ধিয়া মেলেং চাৰিআলিৰ এটা বাসগৃহত ভাড়াতীয়া হিচাপে থকা হেমন্ত বৰুৱা নামৰ ব্যক্তিগৰাকীয়ে ঘৰৰ ভিতৰতে তেওঁলোকৰ বনকৰা যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীক খবৰ দিয়ে।

    সেই অনুসৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। দীৰ্ঘদিন ধৰি বনকৰা হিচাপে নিয়োজিত মনীষা কলিতা নামৰ ১৯ বছৰীয়া যুৱতীগৰাকীৰ ঘৰ যোৰহাটৰ গড়মূৰ নপামত।

    আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এয়া এক আত্মহত্যা যেন অনুমান হয় বুলি জনোৱাৰ বিপৰীতে কিছু পৰিমাণে সন্দেহজনক বুলিও জানিবলৈ দিছে। অৱশ্যে মৰণোত্তৰ সম্পন্ন হোৱাৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

    ইপিনে হেমন্ত বৰুৱাই ঘটনা সন্দৰ্ভত অৱগত কৰা অনুসৰি - সন্ধিয়া তেওঁ কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথতেই ফোনযোগে তেওঁৰ পত্নীয়ে মৃত বনকৰা যুৱতী মনীষাই পাকঘৰৰ দুৱাৰ বন্ধ কৰি ভিতৰত চিপলোৱা বুলি জনায়।
    Published by:Himangshu Bhuyan
    First published: