যোৰহাটত চোৰৰ দলে হাত দিলে বেংকৰ ভল্টত, চিচিটিভি ফুটেজৰ ভিত্তিত অনুসন্ধান চলাই আৰক্ষীয়ে আটক কৰিলে তিনিটা চোৰক

যোৰহাট সদৰ আৰক্ষীৰ পুতৌ লগা ছবিখন দিনে দিনে অধিক পৰিষ্কাৰ হ’বলৈ ধৰিছে।
যোৰহাট সদৰ আৰক্ষীৰ পুতৌ লগা ছবিখন দিনে দিনে অধিক পৰিষ্কাৰ হ’বলৈ ধৰিছে।
- News18 Assam
- Last Updated: December 7, 2020, 9:58 PM IST
যোৰহাট আৰক্ষীৰ একাংশ বিষয়াৰ দূৰ্বলতাৰ সুযোগ লৈ বিগত কিছুদিনৰ পৰাই নগৰখনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে অপৰাধীয়ে। আৰু দু:সাহসী চোৰৰ দলে শেহতীয়াকৈ পৰীক্ষামূলক ভাবে হাত দিলেগৈ বেংকৰ ভল্টত। নগৰৰ মাজমজিয়াৰ গড়আলিৰ এটা ভৱনৰ প্ৰথম মহলাত থকা ইণ্ডিয়ান অভাৰচিজ বেংকৰ যোৰহাট শাখাত চোৰৰ এটি তিনিজনীয়া দল প্ৰৱেশ কৰি চুৰিৰ চেষ্টা চলায়। মুখত মাস্ক পৰিধান কৰি অহা চোৰৰ দলটোৱে বেংকৰ ভিতৰত থকা এটা কিয়স্ক মেচিন, চেক ড্ৰপ বক্স ভঙাৰ লগতে বেংকৰ ভল্টটো ভঙাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়।
চোৰৰ দলটো ভৱনটোৰ পিছফালৰ এটা সৰু বাটেৰে ভিতৰলৈ প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। ইয়াৰ পিছতে চোৰৰ দলটো উক্ত ভৱনটোৰ তলৰ মহলাত থকা একাংশ দোকানৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। চোৰৰ দলটোৱে লক্ষ্মী স্কুটাৰ হাউছ আৰু লক্ষ্মী অটোমটিভৰ কেচ বক্সত থকা কেইহাজাৰমান টকাও লৈ যায়। ইতিমধ্যে চিচিটিভি ফুটেজৰ ভিত্তিত অনুসন্ধান চলাই যোৰহাট আৰক্ষীৰ নগৰ শাখাই সোমবাৰে নিশা এই ঘটনাৰ লগত জড়িত তিনিটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।