মৰ্মান্তিক ঘটনা। লটাৰী খেলত সৌভাগ্যক্ৰমে লাভ কৰা মটৰ চাইকেল খনেই কাল হ'ল অসম আৰক্ষীৰ জোৱান মৃগেন বৰাৰ বাবে। শনিবাৰে নিশা কৰ্তব্য শেষ কৰি ঘৰলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটিলে জোৱানজনে।
দেৰগাঁৱৰ খকন্দগুৰিৰ বাসগৃহলৈ দুচকীয়া বাহনেৰে আহি থকা অৱস্থাত চকলাঘাটৰ সমীপৰ বগৰিয়নী গাঁৱৰ এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰত খুন্দিয়াই থিতাতে নিহত হয় অসম আৰক্ষীৰ জোৱানজন ।
এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে। যোৰহাটত দীৰ্ঘদিন ধৰি কৰ্মৰত মৃগেন বৰাই দুমাহ পূৰ্বে নিৰ্মাণ কৰিছিল নিজৰ সপোনৰ ঘৰখন। কিন্তু নতুনকৈ নিৰ্মাণ কৰা ঘৰটোত বেছি দিন থাকিবলৈয়ে নাপালে জোৱানজনে দেওবাৰে বিয়লি মৃগেন বৰাৰ মৃতদেহ খকন্দগুৰিৰ নিজ গৃহলৈ অনাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।
দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লোৱা মৃগেন বৰাই ইহ সংসাৰত পত্নী আৰু দুটি পুত্ৰ সন্তানক এৰি থৈ যায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|