মাজ ৰাস্তাত আৰক্ষীৰ পাঠশালা, ল’ক ডাউন অমান্য কৰা সকলক দিছে শিক্ষা!

News18 Assam | News18-Assam
Updated:April 22, 2020, 6:36 PM IST
মাজ ৰাস্তাত আৰক্ষীৰ পাঠশালা, ল’ক ডাউন অমান্য কৰা সকলক দিছে শিক্ষা!
শিক্ষকো ব্যতিক্ৰম, শিক্ষাৰ্থীয়ো ব্যতিক্ৰম

শিক্ষকো ব্যতিক্ৰম, শিক্ষাৰ্থীয়ো ব্যতিক্ৰম

  • Share this:
সমগ্ৰ অসমতে বন্ধ হৈ আছে বিদ্যালয়সমূহ। কিন্তু তাৰ মাজতে আৰম্ভ কৰা হৈছে বিশেষ পাঠশালা। এই বিশেষ পাঠশালা খনৰ  শিক্ষকো ব্যতিক্ৰম, শিক্ষাৰ্থীয়ো ব্যতিক্ৰম।

যোৰহাট নগৰৰ মাজ মজিয়াত আছে এইখন পাঠশালা। যোৰহাট নগৰৰ এই বিশেষ পাঠশালাখনে বুধবাৰে বহুতৰে দৃষ্টি আকৰ্ষণ কৰে, কাৰণ এই পাঠশালাৰ শিক্ষকো সুকীয়া আৰু শিক্ষাৰ্থীসকলো সাধাৰণ শিক্ষাৰ্থী নহয়। দৰাচলতে যোৰহাট আৰক্ষীৰ এটা দলে নগৰৰ নিৰ্মল চাৰিআলিত ব্লেক বৰ্ড লৈ লকডাউনৰ সময়ছোৱাত চৰকাৰী নিয়ম উলংঘা কৰা সকলক পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে ।

মাস্ক পৰিধান নকৰা, চৰকাৰী নীতি নিয়ম উলংঘা কৰা সকলক সজাগ কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে এই ব্যতিক্ৰমী পন্থা।
Published by: Himangshu Bhuyan
First published: April 22, 2020, 6:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি