মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পত্নী, মাতৃসহ সন্তানক ঘৰৰ ভিতৰতে গুলীয়াই হত্যাৰ চেষ্টা, অবৈধ পিষ্টলসহ গ্ৰেপ্তাৰ অভিযুক্ত

পত্নী, মাতৃসহ সন্তানক ঘৰৰ ভিতৰতে গুলীয়াই হত্যাৰ চেষ্টা, অবৈধ পিষ্টলসহ গ্ৰেপ্তাৰ অভিযুক্ত

News18 Assam | News18-Assam
Updated:September 23, 2021, 8:22 AM IST
পত্নী, মাতৃসহ সন্তানক ঘৰৰ ভিতৰতে গুলীয়াই হত্যাৰ চেষ্টা, অবৈধ পিষ্টলসহ গ্ৰেপ্তাৰ অভিযুক্ত
নিজৰ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ প্ৰায়ে ঘৰখনত অশান্তিৰ সৃষ্টি কৰি আহিছিল চিত্ৰৰঞ্জনে।

নিজৰ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ প্ৰায়ে ঘৰখনত অশান্তিৰ সৃষ্টি কৰি আহিছিল চিত্ৰৰঞ্জনে।

  • News18 Assam
  • Last Updated: September 23, 2021, 8:22 AM IST
  • Share this:
যোৰহাট আৰক্ষীয়ে জিলাখনত থকা অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে  যোৰহাটৰ মেলেঙ হুদামুৱাত এজন যুৱকৰ পৰা সজীৱ গুলীসহ এটা পিষ্টল জব্দ কৰিছে যোৰহাট আৰক্ষীয়ে। চিত্ৰৰঞ্জন বৰা নামৰ যুৱকজনৰ পৰা আৰক্ষীয়ে এটা 7.65 mm পিষ্টল আৰু দুজাই সজীৱ গুলী আৰু এটা খালী কাৰ্টিজ জব্দ কৰিছে।

উল্লেখযোগ্য, নিজৰ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ প্ৰায়ে ঘৰখনত অশান্তিৰ সৃষ্টি কৰি আহিছিল চিত্ৰৰঞ্জনে। শেহতীয়াকৈ সোমবাৰে নিশা পুনৰ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ পত্নী, দুই সন্তান আৰু মাতৃক নিজৰ পিষ্টলটোৰে ভাবুকি প্ৰদান কৰিছিল। অধিক উত্তেজিত হৈ পৰা চিত্ৰৰঞ্জনে পৰিয়ালটোলৈ লক্ষ্য কৰি গুলীচালনাও কৰে। কিন্তু কৌশলেৰে পত্নী, সন্তানসহ পৰিয়ালটো চিত্ৰৰঞ্জনৰ আক্ৰমণৰ পৰা নিজকে বচাই পলাবলৈ সক্ষম হয়।

ইয়াৰ পিছতে সমস্ত ঘটনাৰ বিষয়ে যুৱকজনৰ পত্নীয়ে আৰক্ষীক অৱগত কৰে। এই খবৰ লাভ কৰিয়েই অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে  অভিযান চলাই চিত্ৰৰঞ্জনক গ্ৰেপ্তাৰ কৰাৰ লগতে উক্ত 7.65 এম এম পিষ্টলটো, দুটা সজীৱ গুলীসহ এটা মেগজিন আৰু এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই ঘটনাই সকলোকে ভবাই তোলাৰ লগতে যোৰহাট আৰক্ষীক সচকিত কৰি তুলিছে। যোৰহাটৰ একাংশ যুৱকে সহজেই সমীপৰ নাগালেণ্ডৰ পৰা কম মূল্যত অবৈধ পিষ্টল ক্ৰয় কৰি আনি বিভিন্ন অপৰাধমূলক কামত লিপ্ত হৈছে। কেইদিনমান পূৰ্বে বিশ্বকৰ্মা পূজাৰ দিনা সন্ধিয়া এনে দুজন যুৱকে গুলীচালন কৰি ভীতি প্ৰদৰ্শন কৰি যোৰহাটৰ বাইপাছস্থিত এনআৰএল পেট্ৰ’ল পাম্পৰ পৰা নগদ ধন লুট কৰি নিছিল। এই ঘটনাৰে জড়িত যুৱক দুজনক কৰায়ত্ত কৰিবলৈও যোৰহাট আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ নিচাসক্ত একাংশ যুৱকে বিভিন্ন উৎসৰ পৰা অবৈধ মাৰণাস্ত্ৰ সংগ্ৰহ কৰি লগত ৰখাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছে। অচিৰেই অবৈধ মাৰণাস্ত্ৰৰ সৈতে জড়িত এনে যুৱকসকল আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
First published: September 23, 2021, 8:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি