মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ক'ভিড প্ৰট'কল ভংগ কৰি নিশালৈ ফেশ্বন শ্ব', যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুগৰাকীক

ক'ভিড প্ৰট'কল ভংগ কৰি নিশালৈ ফেশ্বন শ্ব', যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুগৰাকীক

News18 Assam | News18-Assam
Updated:October 10, 2021, 3:21 PM IST
ক'ভিড প্ৰট'কল ভংগ কৰি নিশালৈ ফেশ্বন শ্ব', যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুগৰাকীক
দুৰ্গাপূজাৰ সময়ছোৱাত ক'ভিড বিধি ভংগ কৰা লোকৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

দুৰ্গাপূজাৰ সময়ছোৱাত ক'ভিড বিধি ভংগ কৰা লোকৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

  • Share this:

যোৰহাট নগৰত নিশা ক'ভিড প্ৰট'কল ভংগ কৰি ফেশ্বন শ্ব' অনুষ্ঠিত কৰা দুগৰাকী আয়োজকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। উৎসৱৰ সময়ছোৱাত চৰকাৰে জাৰি কৰা ক'ভিড বিধিসমূহ মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাইছে যোৰহাট আৰক্ষীয়ে ।


যোৰহাট নগৰত শনিবাৰে নিশা ক'ভিড প্ৰট'কল ভঙ্গ কৰি ফেশ্বন শ্ব' অনুষ্ঠিত কৰাৰ অভিযোগত ফেশ্বন শ্ব'ৰ আয়োজকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট সদৰ আৰক্ষীয়ে। এ আৰ ক্ৰিয়েছন নামৰ অনুষ্ঠানটোৱে যোৰহাট নগৰৰ মহাপুৰুষ শঙ্কৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছিল 4 বছৰৰ পৰা 13 বছৰ বয়সৰ শিশু-কিশোৰ-কিশোৰীসকলৰ মাজত এক পৰম্পৰাগত ফেশ্বন শ্ব' ।


কিন্তু নিশা 10 বজাৰ পিছতো অনুষ্ঠান চলি থকাত অনুষ্ঠানস্থলীত আৰক্ষীয়ে অভিযান চলাই অনুষ্ঠান বন্ধ কৰি দিয়াৰ লগতে অনুষ্ঠানটোৰ দুগৰাকী আয়োজকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এই ফেশ্বন শ্ব'ৰ আয়োজক জাভেদ অঞ্জুম আৰু আলেখ্যপ্ৰাণ শইকীয়াক গ্ৰেপ্তাৰ কৰিছে ।



ক'ভিড প্ৰট'কল ভঙ্গ কৰি অনুষ্ঠান অনুষ্ঠিত কৰা বাবে ধৃত আয়োজকসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই । লগতে পূজাৰ সময়ছোৱাত ক'ভিড বিধি ভঙ্গ কৰা লোকসকলৰ ওপৰতো যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ।

Published by: Gautam Barman
First published: October 10, 2021, 3:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি