உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভয়ংকৰ চক্ৰান্ত! ভুৱা নথিপত্ৰৰে আৰক্ষীত যোগদানৰ চেষ্টা, জালত পৰিল দুজন যুৱক

    ভয়ংকৰ চক্ৰান্ত! ভুৱা নথিপত্ৰৰে আৰক্ষীত যোগদানৰ চেষ্টা, জালত পৰিল দুজন যুৱক

    ভূৱা নথি পত্ৰ তৈয়াৰ কৰি দিয়া যুৱকজনৰ নাম পাৰ্থ মজুমদাৰ। বিকাশক যোৰহাট ৰিজাৰ্ভৰ পৰা আটক কৰাৰ বিপৰীতে বিকাশৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিয়নিৰ পৰা আৰক্ষীয়ে আটক কৰে পাৰ্থক।

    • Share this:
    নগাঁৱৰ পিছত যোৰহাটত ধৰা পৰিছে ভুৱা প্ৰমাণপত্ৰৰ সৈতে জড়িত এটা চক্ৰ । নথিপত্ৰত জালিয়াতি কৰি খোদ আৰক্ষীকে টুপি পিন্ধাবলৈ আহিছিল এজন যুৱক। কিন্তু ধৰা পৰি গ'ল যুৱকজন। আৰু প্ৰাথমিক অনুসন্ধানৰ পিছতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ নাগবংশী নামৰ যুৱকজনক।

    ধৃত বিকাশে অসম আৰক্ষীত নিযুক্তিৰ বাবে যোৰহাটত অনুষ্ঠিত হৈ থকা বাচনি পৰীক্ষাৰ বাবে তেওঁৰ যাৱতীয় নথি পত্ৰসমূহ দুই নম্বৰী কৰি ভুৱাকৈ বনাই লৈছিল। ইয়াৰ পিছতে বিকাশ আহিছিল যোৰহাটত চলি থকা অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত পৰীক্ষা দিবলৈ। আৰু তাতে ধৰা পৰে বিকাশৰ এই কু-কাৰ্য। বিকাশৰ লগতে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পৰীক্ষাৰ্থীগৰাকীৰ নথি পত্ৰ ভূৱাকৈ তৈয়াৰ কৰি দিয়া যুৱকজনকো।

    ভূৱা নথি পত্ৰ তৈয়াৰ কৰি দিয়া যুৱকজনৰ নাম পাৰ্থ মজুমদাৰ। বিকাশক যোৰহাট ৰিজাৰ্ভৰ পৰা আটক কৰাৰ বিপৰীতে বিকাশৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিয়নিৰ পৰা আৰক্ষীয়ে আটক কৰে পাৰ্থক। এই ঘটনা সন্দৰ্ভত যোৰহাট থানাত ভাৰতীয় দণ্ডবিধীৰ ৪২০/৪৬৮/৪৭১ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

    "নথি-পত্ৰসমূহ ভুৱা বুলি প্ৰমাণ হোৱাৰ পিছতে আমি বিকাশক গ্ৰেপ্তাৰ কৰো। ইয়াৰ পিছতে বিকাশৰ স্বীকাৰোক্তিৰ ভিত্তিত পাৰ্থ মজুমদাৰক গ্ৰেপ্তাৰ কৰো। এই ঘটনাৰ সৈতে আন কোনো লোক জড়িত হৈ আছে নেকি সেয়া তদন্তৰ পিছত পোহৰলৈ আহিব।", যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিদানন্দ বৰাই এনেদৰে কয়।
    Published by:Himangshu Bhuyan
    First published: