• Home
  • »
  • News
  • »
  • assam
  • »
  • সাৱধান! বিনা কাৰণত যোৰহাটৰ ৰাজপথলৈ নোলাব! কঠোৰ হৈছে আৰক্ষী–প্ৰশাসন, কেমেৰাত বন্দী হ’ব পাৰে আপুনিও

সাৱধান! বিনা কাৰণত যোৰহাটৰ ৰাজপথলৈ নোলাব! কঠোৰ হৈছে আৰক্ষী–প্ৰশাসন, কেমেৰাত বন্দী হ’ব পাৰে আপুনিও

যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে অনাহকত কোনো লোককে বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে।

যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে অনাহকত কোনো লোককে বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে।

যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে অনাহকত কোনো লোককে বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে।

  • Share this:
যোৰহাটৰ একাংশ ঠাইত উদ্বেগজনক হৈ থকা কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষী। দেওবাৰে নিশা যোৰহাট আৱৰ্ত্ত ভৱনত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াসকলৰ মাজত যোৰহাটত গ্ৰহণ কৰিব লগা কোভিড ব্যৱস্থাৱলীৰ সন্দৰ্ভত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।

যোৰহাটৰ জিলা উপায়ুক্ত আৰু আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো প্ৰশাসনিক বিষয়া আৰু থানা আৰু আৰক্ষী চকীসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে। জিলাখনত কোভিড সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে সোমবাৰৰ পৰা কোভিড প্ৰট'কল ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব জিলা আৰু আৰক্ষী প্ৰশাসন৷ সভাত জিলা উপায়ুক্তই সকলোকে অধিক ক্ষীপ্ৰতাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়৷

সোমবাৰে পুৱা ১০ বজাত আৰু বিয়লি ৪ বজাত যোৰহাটৰ ৰাজপথত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগমাৰ্চ কৰিব। বিনা কাৰণত কোনো লোককে ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ যোৰহাট আৰক্ষী আৰু প্ৰশাসনে সকলোকে আহ্বান জনাইছে। উল্লেখযোগ্য, সোম আৰু মঙলবাৰে যোৰহাটত গেলামাল সামগ্ৰী, পাচলি আৰু ফলমূলৰ বিক্ৰী বন্ধ ৰাখিবলৈ যোৰহাটৰ উপায়ুক্তই নিৰ্দেশ জাৰি কৰিছে। কোভিড সংক্ৰমণ অধিক চিন্তাজনক হৈ পৰা ৰেড জ’ন ৰূপে চিহ্নিত যোৰহাটৰ কণ্টেইনমেণ্ট অঞ্চলসমূহত মানুহৰ সমাগমৰ ওপৰত দৃষ্টি ৰাখিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰিব ড্ৰোন কেমেৰা। ড্ৰোনৰ জৰিয়তে কোভিড প্ৰটকল ভংগকাৰীসকলৰ অজ্ঞাতে ফটো সংগ্ৰহ কৰি ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে আৰক্ষী-প্ৰশাসনে।

আনহাতে, On Essential Duty , On Emergency duty, Press আদি লিখা ফলক মাৰি গাড়ী চলাই ঘূৰি ফুৰা লোকসকলৰ নথিসমূহ এতিয়াৰে পৰা তন্নতন্নকৈ পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিছে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে। বিনা কাৰণত ৰাজপথলৈ ওলাই অহা লোকসকলক আটক কৰা হ’ব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কোভিড সংক্ৰমণ বৃদ্ধি পোৱা অঞ্চলসমূহত আৰক্ষীৰ কেইবাটাও গোটে টহল দিব। এই টহলদাৰী আৰক্ষীৰ দলসমূহৰ লগত থাকিব এখন বাছ অথবা এখন ট্ৰাক। কোভিড বিধি ভংগকাৰীসকলক বাছত তুলি থানালৈ লৈ যোৱা হ’ব আৰু গাড়ীসমূহ জব্দ কৰা হ’ব বুলি জানিবলৈ দিছে যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে।

"অসম–নাগালেণ্ড সীমান্তত জিলাখনৰ বহু আৰক্ষী বিগত কেইদিনত ব্যস্ত থাকিব লগা হৈছিল। এতিয়া তেওঁলোক তাৰপৰা আহিছে। আমি কোভিড প্ৰটকল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম। এনে লোকক আটক কৰি থানালৈ লৈ যোৱা হ’ব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আমি দুবাৰকৈ যোৰহাটৰ ৰাজপথত ফ্লেগমাৰ্চ কৰিম। আমাৰ কেইবাটাও টহলদাৰী গোট থাকিব সংক্ৰমণ বৃদ্ধি পোৱা অঞ্চলসমূহত। কণ্টেইনমেণ্ট এলেকাসমূহত ড্ৰোণৰ জৰিয়তে পৰিস্থিতি পৰ্যবেক্ষণ কৰা হ’ব আৰু ব্যৱস্থা লোৱা হ’ব।", যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এনেদৰে কয়।

যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে অনাহকত কোনো লোককে বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে। এই সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহহে চলি থাকিব যদিও ঘৰৰ পৰা ওলাই অহা লোকসকলে এইক্ষেত্ৰত সঠিক প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব। আনহাতে, প্ৰাতঃ ভ্ৰমণ  আৰু সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা আছে বুলি উপায়ুক্ত গৰাকীয়ে পুনৰ স্পষ্ট কৰি দিয়ে।

"যোৰহাট জিলাখন ৰেড জ’নত নাছিল। দুখনমান গাঁও আৰু দুখনমান চাহ বাগিচাত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ জিলাখনেই ৰেড জ’নৰূপে চিহ্নিত হয়। সেয়েহে কোভিড বিধিসমূহ মানি চলি যোৰহাট জিলাক ৰেড ডিষ্ট্ৰিক্টৰ তালিকাৰ পৰা মুক্ত কৰিবলৈ মই সকলোকে আহ্বান জনাইছো। আৰু এতিয়াৰে পৰা কোভিড প্ৰটকল ভংগকাৰীসকলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা লোৱা হ’ব।", যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে এনেদৰে কয়।
Published by:Sanjay Kumar Das
First published: