Jorhat Thanks Minister Bimal Bora: মন্ত্ৰী বিমল বৰালৈ কৃতজ্ঞতা জনাইছে যোৰহাটৰ বহু লোকে । কাৰণ মন্ত্ৰীগৰাকীৰ তৎপৰতাৰ বাবে যোৰহাটৰ ক্ৰীড়ানুৰাগী বহু লোক সন্মুখীন হৈ অহা কেইবাটাও সমস্যা বৰ্তমান সমাধান হোৱাৰ পথত ।
Jorhat Thanks Minister Bimal Bora: মন্ত্ৰী বিমল বৰালৈ কৃতজ্ঞতা জনাইছে যোৰহাটৰ বহু লোকে । কাৰণ মন্ত্ৰীগৰাকীৰ তৎপৰতাৰ বাবে যোৰহাটৰ ক্ৰীড়ানুৰাগী বহু লোক সন্মুখীন হৈ অহা কেইবাটাও সমস্যা বৰ্তমান সমাধান হোৱাৰ পথত ।
দীৰ্ঘদিন ধৰি এটা অভিযোগ উঠি আহিছিল যে খেলৰ অনুশীলন কৰিবলৈ তথা শৰীৰচৰ্চা কৰিবলৈ পুৱা যোৰহাট ষ্টেডিয়ামলৈ অহা লোকসকল ষ্টেডিয়াম (Jorhat Stadium)ত প্ৰৱেশ কৰিব নোৱাৰে প্ৰৱেশদ্বাৰসমূহ বন্ধ থকা বাবে । একাংশ যুৱক-যুৱতীয়ে কষ্ট কৰি গেট পাৰ হৈ ষ্টেডিয়ামত প্ৰৱেশ কৰি খেলৰ অনুশীলন কৰি আহিছিল । এই বিষয়টো ক্ৰীড়ামন্ত্ৰী বিমল বৰা (Bimal Bora)ক অৱগত কৰাৰ পিছত যোৱা বুধবাৰে পুৱা হঠাৎ যোৰহাট ষ্টেডিয়াম, ৱাকিং জ'ন, ৰাজমাও পুখুৰীত উপস্থিত হৈ সমগ্ৰ পৰিৱেশৰ বুজ লয় মন্ত্ৰী বিমল বৰাই । মন্ত্ৰীগৰাকীয়ে জিলা ক্ৰীড়া বিষয়াকে ধৰি বিভাগীয় কৰ্তৃপক্ষক লগত লৈ নিজে পৰিস্থিতিৰ বুজ লয় আৰু তাৰ পিছত যোৰহাট ষ্টেডিয়ামৰ এখন প্ৰৱেশ দ্বাৰ পুৱা ৫ বজাৰ পৰা ৮ বজালৈ তিনি ঘণ্টাৰ বাবে খোলা ৰাখিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীৰ নিৰ্দেশৰ পিছৰে পৰা যোৰহাট ষ্টেডিয়ামত পুৱা প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ক্ৰীড়ানুৰাগী লোকসকল।
ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে নগৰৰ বৰুৱা চাৰিআলিৰ পৰা গীতাৰ্থী পইণ্টলৈকে প্ৰাতঃভ্ৰমণৰ বাবে থকা পথছোৱা (Walking Zone) আৰু বহু লোকে বিভিন্ন শাৰীৰিক ব্যায়ামৰ (Exercise Point) বাবে ব্যৱহাৰ কৰি অহা ৰাজমাও পুখুৰী চৌহদ পৰিদৰ্শন কৰে। এই দুয়োটা স্থানৰ ভগ্ন অৱস্থাই বহু পৰিমাণে অসুবিধাত পেলাই আহিছিল যোৰহাটবাসীক। মন্ত্ৰীগৰাকীয়ে ৱাকিং জ'নৰূপে পৰিচিত পথটোৰ ভগা অংশ শীঘ্ৰে মেৰামতি কৰিবলৈ লোকনিৰ্মাণ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়াৰ লগতে অচিৰেই ৰাজমাও পুখুৰীৰ চৌপাশ সুন্দৰৰূপত নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিছিল । ইয়াৰ পিছতে বিভাগীয় কৰ্তৃপক্ষ তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে । ৱাকিং জ'নৰ ভগ্ন পথছোৱা মেৰামতি কৰা হৈছে। এই দুই স্থানত প্ৰাতঃভ্ৰমণ কৰাৰ লগতে ব্যায়াম কৰিবলৈ অহা বহু লোকে সেয়েহে কৃতজ্ঞতা জনাইছে মন্ত্ৰীগৰাকীক ।
যোৰহাটৰ সৈতে মন্ত্ৰী বিমল বৰাৰ আছে এক আন্তৰিক সম্পৰ্ক । মন্ত্ৰীগৰাকীয়ে ছাত্ৰাৱস্থাৰ এছোৱা সময় পাৰ কৰিছিল যোৰহাটৰ জেবি কলেজ (J B College, Jorhat)ত অধ্যয়ন কৰি । সেয়েহে যোৰহাট নগৰখন মন্ত্ৰীগৰাকীৰ বাবে অতিকৈ চিনাকী । আৰু সেইবাবেই কোনো লোকে জনোৱা অভিযোগসমূহৰ চৰজমিন তদন্ত কৰি তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|