মৰ্মান্তিক! চেপটিক টেংকত পৰি কৰুণ মৃত্যুক সাৱটিলে যোৰহাটৰ এটি কণমানি শিশুৱে

News18 Assam | News18-Assam
Updated:July 11, 2020, 6:31 PM IST
মৰ্মান্তিক! চেপটিক টেংকত পৰি কৰুণ মৃত্যুক সাৱটিলে যোৰহাটৰ এটি কণমানি শিশুৱে
ল’ক ডাউনৰ মাজতে যোৰহাট নগৰত শণিবাৰে দুপৰীয়া সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।

ল’ক ডাউনৰ মাজতে যোৰহাট নগৰত শণিবাৰে দুপৰীয়া সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।

  • Share this:
ল’ক ডাউনৰ মাজতে যোৰহাট নগৰত শণিবাৰে দুপৰীয়া সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। এটা চেপটিক টেংকৰ ভিতৰত সোমাই পৰে এটি কণমানি শিশু। স্থানীয় একাংশ যুৱক আৰু আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় কণমানিটিয়ে।
যোৰহাট নগৰৰ পুৰণি বাছ আস্থানত থকা এটা অৰ্ধনিৰ্মিত টয়লেটৰ চেপটিক টেংকৰ ভিতৰত শণিবাৰে দুপৰীয়া পৰি যায় ডেৰ বছৰীয়া কণমানি শিশুটি । ঘটনাৰ বিষয়ে জানিব পাৰি, সমীপতে থকা কেইবাজনো যুৱক আৰু আৰক্ষীৰ লোক আগবাঢ়ি আহি শিশুটিক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে।

চেপটিক টেংকটোৰ ভিতৰত প্ৰথমে সোমাবলৈ অসুবিধা হয় যদিও অৱশেষত মনোহৰ আলী নামৰ এজন যুৱকে বাকী লোকসকলৰ সহায়ত টেংকটোৰ সৰু ফুটাটোৰে চেপটিক টেংকটোৰ ভিতৰলৈ সোমাই গৈ উদ্ধাৰ কৰে শিশুটিক। লগে লগেই আৰক্ষীৰ লোকসকলে শিশুটিক লৈ যায় JMCHলৈ। কিন্তু দুৰ্ভাগ্যজনক ভাবে আধা বাটতে মৃত্যুক সাৱটি লয় কণমানিটিয়ে।

‘মই চিঞৰ-বাখৰ শুনি ঘটনাস্থলীলৈ আহি দেখো যে, এটি কণমানি শিশু টেংকটোৰ ভিতৰত পানীত পৰি আছে। অৱশেষত মই মোৰ লগৰকেইজনৰ সহায়ত টেংকটোৰ ভিতৰলৈ সোমাই যাও। আৰক্ষীৰ লোকসকলেও সহায় কৰিছিল। শিশুটিক উদ্ধাৰ কৰি এখন গাড়ীৰে চিকিত্‍সালয়লৈ নিয়া হৈছিল যদিও ৰাস্তাতে মৃত্যু হয় শিশুটিৰ।’ এনেদৰে নিউজ18ৰ আগত কয় মনোহৰ আলীয়ে।
Published by: Himangshu Bhuyan
First published: July 11, 2020, 3:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি