কোৰোণা যোদ্ধাসকলৰ সুৰক্ষাৰ বাবে যোৰহাটৰ NID-এ ডিজাইন কৰিছে বিশেষ ‘ফেচ ছিলড্’

News18 Assam | News18-Assam
Updated:May 10, 2020, 5:29 PM IST
কোৰোণা যোদ্ধাসকলৰ সুৰক্ষাৰ বাবে যোৰহাটৰ NID-এ ডিজাইন কৰিছে বিশেষ ‘ফেচ ছিলড্’
কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক ব্যৱহাৰ কৰাটো চৰকাৰে বাধ্যতামূলক কৰিছে।

কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক ব্যৱহাৰ কৰাটো চৰকাৰে বাধ্যতামূলক কৰিছে।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক ব্যৱহাৰ কৰাটো চৰকাৰে বাধ্যতামূলক কৰিছে। জনপ্ৰিয় হৈ পৰিছে গামোচাৰে তৈয়াৰী মাস্ক।শেহতীয়াকৈ কোৰোমাৰ যুদ্ধা সকলক সুৰক্ষা দিয়াৰ উদ্দেশ্যে যোৰহাটস্থিত ‘নেছনেল ইনষ্টিটিউট অৱ ডিজাইনে’ হাতত লৈছে বিশেষ উদ্যোগ।  সমগ্ৰ মুখমণ্ডল আবৰি ৰখা অতি কম মূল্যৰ এই ‘ফেচ ছিলড’ৰ ডিজাইন প্ৰস্তুত কৰি উলিয়াইছে যোৰহাটস্থিত নেছনেল ইনষ্টিটিউট অৱ ডিজাইনে।

যোৰহাটস্থিত নেছনেল ইনষ্টিটিউট অৱ ডিজাইনে প্ৰস্তুত কৰা ডিজাইনৰ ভিত্তিত যোৰহাটত নিৰ্মাণ কৰা হৈছে এবিধ কম মূল্যৰ বিশেষ ‘ফেচ ছিলড্’। যোৰহাটৰ উপায়ুক্তগৰাকীয়ে এনে  NID কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ পিছতে শিক্ষানুষ্ঠান খনে বাহ আৰু গামোচা ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে ‘ফেচ ছিলড’ৰ প্ৰট’টাইপ ।

বিশেষকৈ বাহৰ পৰা প্ৰস্তুত কৰা এই ‘ফেচ ছিলড্ৰ’ প্ৰট’টাইপটোৰ ওপৰত ভিত্তি কৰি এই ফেচ ছিলড্ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে দীৰ্ঘদিন ধৰি বাহ শিল্পৰ লগত জড়িত 'ক্ৰাফট ইন হোম ডেক’ৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড' নামৰ প্ৰতিষ্ঠানটো । সমগ্ৰ মুখখন আৱৰি ৰাখি ড্ৰপলেটসমূহৰ পৰা সুৰক্ষা দিয়ে এই ফেচ ছিলডখনে । অতি কম ওজনৰ ফেচ ছিলড্খন পিন্ধি থাকিবলৈয়ো সুবিধা। এই ফেচ ছিলডখন ৫০ টকা দামত বিক্ৰী কৰিব পৰা যাব বুলি প্ৰতিষ্ঠানটোৱে জনাইছে ।
First published: May 10, 2020, 5:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি