যোৰহাটত নিউজ চেনেলৰ কাৰ্যালয়ত কোনে কিয় চলালে আক্ৰমণ! তিনিজন যুৱকক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:February 17, 2021, 4:26 PM IST
যোৰহাটত নিউজ চেনেলৰ কাৰ্যালয়ত কোনে কিয় চলালে আক্ৰমণ! তিনিজন যুৱকক গ্ৰেপ্তাৰ
নিউজ চেনেলটোৰ যোৰহাটৰ কাৰ্যালয়ত নিজকে হিন্দুত্ববাদী সংগঠনৰ  সদস্য বুলি পৰিচয় দিয়া একাংশ যুৱকে মঙলবাৰে নিশা তাণ্ডৱ চলোৱাৰ লগতে আক্ৰমণ চলাই কেইবাগৰাকীও লোকক আহত কৰে।

নিউজ চেনেলটোৰ যোৰহাটৰ কাৰ্যালয়ত নিজকে হিন্দুত্ববাদী সংগঠনৰ  সদস্য বুলি পৰিচয় দিয়া একাংশ যুৱকে মঙলবাৰে নিশা তাণ্ডৱ চলোৱাৰ লগতে আক্ৰমণ চলাই কেইবাগৰাকীও লোকক আহত কৰে।

  • Share this:
যোৰহাট নগৰত এটা ছেটেলাইট নিউজ চেনেলৰ কাৰ্যালয়ত প্ৰৱেশ কৰি মঙলবাৰে নিশা তাণ্ডৱ চলায় এটা হিন্দুত্ববাদী সংগঠনৰ সদস্য বুলি পৰিচয় দিয়া একাংশ যুৱকে। দলটোৱে আক্ৰমণ কৰি সেই সময়ত কাৰ্যালয়টোত উপস্থিত থকা কেইবাগৰাকী লোকক আক্ৰমণ কৰাৰ লগতে আটাছুৰ যোৰহাট জিলাৰ সভাপতিগৰাকীকো আক্ৰমণৰ লক্ষ্য কৰি লয়। এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নিউজ চেনেলটোৰ যোৰহাটৰ কাৰ্যালয়ত নিজকে হিন্দুত্ববাদী সংগঠনৰ  সদস্য বুলি পৰিচয় দিয়া একাংশ যুৱকে মঙলবাৰে নিশা তাণ্ডৱ চলোৱাৰ লগতে আক্ৰমণ চলাই কেইবাগৰাকীও লোকক আহত কৰে। ভুক্তভোগীসকলে জানিবলৈ দিয়া মতে, প্ৰতিদিন টাইম নামৰ ব্যক্তিগত ছেটেলাইট চেনেলটোৰ যোৰহাটস্থিত কাৰ্যালয়ত নিজকে হিন্দু জাগৰণ মঞ্চৰ সদস্য বুলি পৰি পৰিচয় দিয়া একাংশ যুৱকে প্ৰথমে কাৰ্যালয়টোত প্ৰৱেশ কৰি এটা বাতৰি কৰা-নকৰাক লৈ প্ৰশ্ন তুলি অভব্য আচৰণ কৰে। কাৰ্যালয়টোত থকা লোকসকলৰ সৈতে কথাৰ কটাকটি হোৱাৰ পিছত দলটো আঁতৰি যায়। কিন্তু কিছু সময়ৰ পিছত আৰু একাংশ যুৱকক লগত লৈ আহি নগৰৰ মাজমজিয়াত স্থিত কাৰ্যালয়টোত প্ৰৱেশ কৰি সেই সময়ত তাত থকা কেইবাজনো লোকক আক্ৰমণৰ লক্ষ্য কৰি লয়।

যুৱকৰ দলটোৱে প্ৰতিদিন টাইমৰ সাংবাদিকৰ লগতে সেই সময়ত কাৰ্যালয়টোত থকা কেইবাজনো লোকৰ লগতে আটাছুৰ যোৰহাট জিলাৰ সভাপতিগৰাকীকো আক্ৰমণ কৰে। উল্লেখযোগ্য যে যোৱা দেওবাৰে একাংশ যুৱকে যোৰহাটৰ বাইপাছত জব্দ কৰা গৰু সৰবৰাহ কৰা গাড়ীৰ বাতৰি কৰিবলৈ নোযোৱাৰ অভিযোগ তুলি দলটোৱে এনেদৰে আক্ৰমণ চলায় বুলি জানিবলৈ দিছে চেনেলটোৰ যোৰহাটৰ সাংবাদিকসকলে।

ঘটনাৰ পিছতে আৰক্ষীক অৱগত কৰাত যোৰহাট থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত লহকৰ আৰু টিএছআই ৰাজীৱ দাসে তাৎক্ষণিকভাৱে অভিযান চলাই এই ঘটনাৰে জড়িত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে যুৱকৰ দলটোৱে ব্যৱহাৰ কৰা এখন গাড়ীও জব্দ কৰিছে। ধৃত যুৱককেইজন হ’ল ৰাজীৱ বৰা, শ্যামলজ্যোতি বৰা আৰু ভবেন গগৈ।

"ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে আমি তদন্ত আৰম্ভ কৰো আৰু এই ঘটনাত জড়িত থকাৰ অভিযোগত তিনিজন যুৱকক আটক কৰো। যুৱককেইজনে হিন্দু জাগৰণ মঞ্চৰ সদস্য বুলি পৰিচয় দিছিল যদিও সেয়া সঁচা হয়নে নহয় আমি চালিজাৰি চাই আছো।", যোৰহাট সদৰ থানাৰ নগৰ উপ–পৰিদৰ্শক ৰাজীৱ দাসে এনেদৰে কয়।

এই ঘটনাই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। থানাৰ সমীপতে ফুটগধুলিতে সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ চলাবলৈ এইসকল যুৱকে সাহস কৰা কাৰ্যক সহজে ল’ব পৰা নাই বহু লোকে। বুধবাৰে এই ঘটনাৰ প্ৰতিবাদত সাংবাদিকসকলৰ কেইবাটাও সংগঠনৰ লগতে বিভিন্ন দল–সংগঠনে দোষীৰ উচিত শাস্তি দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰি আক্ৰমণৰ অন্তৰালৰ কাৰণ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।
Published by: Sanjay Kumar Das
First published: February 17, 2021, 4:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি