পথৰ ওপৰত একো একোটা বৃহৎ গাঁতৰ লগতে এজাক বৰষুণ দিলেই তথৈবচ হয় পথচোৱা। দুৰ্ভোগ ভুগিব লগা হৈছে উজনি-নামনিৰ যাত্ৰীৰ লগতে স্থানীয় লোকসকল।
উল্লেখযোগ্য যে ঘাইপথ প্ৰাধিকৰণৰ লগতে পথ নিৰ্মাণত জড়িত হৈ থকা চুইটি কনষ্ট্ৰাকছনৰ বিৰুদ্ধে ৰাইজে অভিযোগ তুলিছে¸কোম্পানীটোৰ নিম্ন মানৰ কামৰ বাবেই নিৰ্মাণৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ হৈ পৰিছে এনে অৱস্থা। এইক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সাধাৰণ ৰাইজে। যিকোনো মুহুৰ্তত এই পথচোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা কৰিছে ৰাইজে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 25, 2023, 20:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।