পৰিয়ালকেন্দ্ৰীক শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ
পৰিয়ালকেন্দ্ৰীক শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ
দেওবাৰে নিশা যোৰহাটৰ চিনামৰাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। যোৰহাট চিনামৰাৰ বৰ চৰ্দাৰ লাইনত সংঘটিত এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী মহিলাই উপৰ্যুপৰি প্ৰহাৰ কৰাত মৃত্যু হয় এজন যুৱকৰ। মৃত যুৱকজনৰ নাম কৃষ্ণ নায়ক (ভেড়া)। সুভেশ্বৰ তাঁতীৰ পত্নী বিৰজ মণি তাঁতীয়ে এখন কুঠাৰেৰে হঠাৎ যুৱকজনক উপৰ্যুপৰি প্ৰহাৰ কৰাত নিহত হয়। পৰিয়ালকেন্দ্ৰীক শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|