এই ঘটনাত আৰক্ষীৰ এখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আৰক্ষীৰ লোকো আহত হৈছে ।
এই ঘটনাত আৰক্ষীৰ এখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আৰক্ষীৰ লোকো আহত হৈছে ।
মঙলবাৰে পুৱতিনিশা যোৰহাট কাণ্ডৰ মূল অভিযুক্ত ক'লালৰা ওৰফে নীৰজ দাসৰ মৃত্যু হয়। প্ৰাথমিক তথ্য অনুসৰি মঙলবাৰে পুৱতিনিশা যোৰহাট-মৰিয়নি পথৰ নপমুৱা অঞ্চলত ক'লালৰাক লগত লৈ লুকুৱাই থোৱা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ এটা দল।
আৰু সেইসময়তে আৰক্ষীৰ দলটোৰ গাড়ীৰ পৰা ক'লালৰাই পলাবলৈ চেষ্টা কৰে। সেই সময়তে আৰক্ষীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত ক'লালৰা গুৰুতৰভাৱে আহত হয়।
পিছত গুৰুতৰ ভাৱে আহত ক'লালৰা ওৰফে নীৰজ দাসক JMCHত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও পথতে মৃত্যুক সাৱটি লয়। এই দুৰ্ঘটনাত আৰক্ষীৰ এখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাগৰাকী আৰক্ষীৰ লোকো আহত হৈছে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|