உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উপকাৰীক অজগৰে খালে! নৰাধম পিতা–পুত্ৰৰ বাবেই জীৱন হেৰুৱালে নিৰীহ অনিমেশে

    উপকাৰীক অজগৰে খালে! নৰাধম পিতা–পুত্ৰৰ বাবেই জীৱন হেৰুৱালে নিৰীহ অনিমেশে

    নৰপিশাচৰ জিঘাংসাত গুৰুতৰভাৱে আহত হয় অনিমেশৰ দুই বন্ধু প্ৰণয় দত্ত আৰু মৃদুস্মন্ত বৰুৱা। এই ঘটনাই জোকাৰি গৈছে ৰাজ্যৰ লগতে সমগ্ৰ দেশ।

    নৰপিশাচৰ জিঘাংসাত গুৰুতৰভাৱে আহত হয় অনিমেশৰ দুই বন্ধু প্ৰণয় দত্ত আৰু মৃদুস্মন্ত বৰুৱা। এই ঘটনাই জোকাৰি গৈছে ৰাজ্যৰ লগতে সমগ্ৰ দেশ।

    নৰপিশাচৰ জিঘাংসাত গুৰুতৰভাৱে আহত হয় অনিমেশৰ দুই বন্ধু প্ৰণয় দত্ত আৰু মৃদুস্মন্ত বৰুৱা। এই ঘটনাই জোকাৰি গৈছে ৰাজ্যৰ লগতে সমগ্ৰ দেশ।

    • Share this:
    উপকাৰীক অজগৰে খায়! এই কথাষাৰেই যেন প্ৰমাণিত হ’ল যোৰহাটত। আনক সহায় কৰিবলৈ গৈ নিজৰ জীৱন হেৰুৱাবলগীয়া হ’ল এজন সম্ভাৱনাপূৰ্ণ যুৱকে। দিন–দুপৰতে যোৰহাট নগৰৰ মাজ–মজিয়াত এজাক উন্মাদ নৰাধমে মৰিয়াই মৰিয়াই হত্যা কৰিলে ছাত্ৰ নেতা অনিমেশ ভূঞাক। নৰপিশাচৰ জিঘাংসাত গুৰুতৰভাৱে আহত হয় অনিমেশৰ দুই বন্ধু প্ৰণয় দত্ত আৰু মৃদুস্মন্ত বৰুৱা। এই ঘটনাই জোকাৰি গৈছে ৰাজ্যৰ লগতে সমগ্ৰ দেশ।

    জানিব পৰা মতে, সোমবাৰে দেৰগাঁৱৰ ১নং খকন্দগুৰিৰ বাসিন্দা, ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাই দুই বন্ধুৰ সৈতে যোৰহাটলৈ আহিছিল। দুপৰীয়া নিৰ্মল চাৰিআলিত উপস্থিত হোৱাৰ পিছত ট্ৰাক ষ্টেণ্ডৰ সমীপত এজন লোকক স্কুটীৰ সৈতে পৰি থকা দেখিছিল তিনি বন্ধুৱে। সুৰামত্ত অৱস্থাত থকা লোকজনে লোকজনৰ স্কুটীখন উঠাই সহায় কৰি দিয়ে। কিন্তু সেয়াই কাল হ’ল তেওঁলোকৰ বাবে।

    মোহন দাস নামৰ লোকজনে তেওঁক কৰা সহায়ৰ বাবে ধন্যবাদ জনোৱাৰ বিপৰীতে ওলোটাই গালি–গালাজ আৰম্ভ কৰে। তেওঁলোকেহে তেওঁক গাড়ী খুন্দিয়াই পেলাই দিয়া বুলি হুলস্থূল কৰিবলৈ লয় লোকজনে। তাৰ পিছতে মোহন দাসে ফোন কৰি মাতি আনে নিজৰ অপৰাধী পুত্ৰ ক’লা ল’ৰা ওৰফে নীৰজক।

    কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হয় ক’লা ল’ৰাৰ লগতে এটা গুণ্ডা বাহিনীৰ দল। দাগী অপৰাধী ক’লা ল’ৰাৰ বিৰুদ্ধে পূৰ্বেও আছে বহু অপৰাধমূলক গোচৰ। ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ কাঢ়ি নিয়া আদি গোচৰ ৰুজু হৈ আছে ক’লা ল’ৰাৰ বিৰুদ্ধে।

    ঘটনাস্থলীত ক’লা ল’ৰা আৰু গুণ্ডা বাহিনীৰ দলটো উপস্থিত হোৱাৰ পিছতে আৰম্ভ হয় সেই ভয়ানক কাণ্ডৰ। মোহন দাসৰ উচতনিত গুণ্ডা বাহিনীৰ দলটোৱে তিনি বন্ধুক বেৰি ধৰি আৰম্ভ কৰে মাৰপিট। বাৰে বাৰে কাকুতি–মিনতি কৰাৰ পিছতো ক্ষান্ত নহ’ল উন্মাদৰ দলটো। গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰি বহু দূৰ চোঁচৰাই লৈ যায় বুলিও প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

    ঘটনাস্থলীত যান–বাহন আৰক্ষীৰ কেইজনমান জোৱান উপস্থিত আছিল যদিও উন্মত্ত দলটোৰ পৰা যুৱককেইজনক ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। ইতিমধ্যে লেবেজান হৈ পৰিছিল অনিমেশ। তাৰ পিছতো ক্ষান্ত হোৱা নাছিল নৰাধমৰ দলটো। পিছত আৰক্ষীয়ে অনিমেশক জে এম চি এইলৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এটা সাধাৰণ কথাৰ পৰা এনেধৰণৰ যোৰহাটৰ ঐতিহ্যত কালিমা সনা ঘটনাত লজ্জিত যোৰহাটবাসী।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: